ETV Bharat / sitara

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’ - চলচ্চিত্ৰ মহোৎসৱ

বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা তথা প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’ৰ ৷ এমবি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছে ছবিখন ৷

assamese film riyaz to be screened in international film festivals
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’
author img

By

Published : Dec 14, 2020, 2:08 PM IST

চিটাৰা ডেস্ক,14 ডিচেম্বৰ : অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ ৷ এমবি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি ‘ৰিয়াজ’য়ে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা তথা প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হৈছে ৷

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’

11 ডিচেম্বৰত ইটালীৰ 74th International Film Festival of Salernoত ৱৰ্ল্ড প্ৰিমিয়াৰত স্থান পাইছে ৰিয়াজ ছবিখনে ৷ আনহাতে চলিত মাহৰ শেষৰ ফালে ভাৰতৰ Diorama International Film Festivalত প্ৰদৰ্শিত হ’ব ছবিখন ৷ ইয়াৰোপৰি Asian Film Festival, Los Angles Hollywood, Stockholm City Film Festival, LIIFT India Filmotsav- World Cine fest, Buddha International Film Festival, Pune আদি চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে এই ছবিখন ৷

যোৰহাটৰ যুৱ ছবি নিৰ্মাতা মৃগাংক বৰাৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে স্বাগতা ভৰালী আৰু সৌমাৰ জ্যোতি বৰাই ৷ ৰিয়াজৰ পটভূমি হৈছে সংগীত, কবিতা আৰু প্ৰেম ৷ নিৰ্মাতাৰ ভাষাত সংগীত আৰু কবিতাৰ মাজেৰে প্ৰকৃত প্ৰেমক বুজি পোৱাৰ এক নতুন প্ৰচেষ্টাৰ নামেই হৈছে ‘ৰিয়াজ’ ৷

উল্লেখ্য় যে, ছবিখনে ইতিমধ্যে Buddha International Film Festivalত ‘Best Concept Award’ লাভ কৰিবলৈ সক্ষম হৈছে ৷

ৰিয়াজৰ কলা-কুশলীলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা অলেখ শুভকামনা ৷

লগতে পঢ়ক : ৰতন টাটাৰ আত্মজীৱনীত মুখ্য় চৰিত্ৰত অভিনয় নকৰে আৰ. মাধৱনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.