ETV Bharat / sitara

পাঁচশ নাচনীৰ বিহু নৃত্যত উখল-মাখল নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়

author img

By

Published : Feb 12, 2020, 2:32 PM IST

Updated : Feb 12, 2020, 2:39 PM IST

নগাঁৱৰ এখন আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বিদ্যালয়ৰে 500 গৰাকী ছাত্ৰীক দেখিবলৈ পোৱা গ'ল নাচনী ৰূপত ৷ বিদ্যালয়ৰ 'এথলেটিক মিট' উপলক্ষে বিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰে এই সাংস্কৃতিক কাৰ্য্যসূচীৰ।

assamese-culture-showcase-at-nagaon-christ-jyoti-vidyalaya
পাঁচশ নাচনীৰ বিহু নৃত্যত উখল-মাখল নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়

নগাঁও,12 ফেব্ৰুৱাৰীঃ অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ আশংকাই সকলোকে চিন্তিত কৰাৰ সময়তে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত একেলগে পাঁচশ নাচনীৰ বিহু নৃত্যই সৃষ্টি কৰিলে এক অনন্য পৰিৱেশৰ ৷ বুধবাৰে নগাঁও খ্ৰাইষ্ট জ্যোতি বিদ্যালয়ত দেখা গ'ল এনে অনন্য পৰিৱেশ । বিদ্যালয়খনৰ 'এথলেটিক মিট'ত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰে এনে কাৰ্য্যসূচীৰ । পাঁচশ নাচনীৰ ৰূপত দেখা গ'ল বিদ্যালয়ৰে ছাত্ৰীসকলক । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্রীক দিয়া এমাহজোৰা প্ৰশিক্ষণৰ অন্তত 'এথলেটিক মিট'ত এনেদৰে বিহু নৃত্য প্ৰদৰ্শন কৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে । বিদ্যালয়খনৰ আয়োজন কৰা এই এথলেটিক মিটত সৃষ্টি হয় এক উদুলি মুদুলি পৰিৱেশৰ । শিক্ষানুষ্ঠানখনত আয়োজন কৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি উৎফুল্লিত আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ । তেওঁৰ লগতে এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিত, অষ্টম আছাম ৰেজিমেন্টৰ কৰ্ণেল অজয় প্ৰভাকৰৰ দৰে বিশিষ্ট ব্যক্তিসকল ৷

লগতে পঢ়কঃআপৰ বিজয়োৎসৱৰ ধ্বনি গুঞ্জৰিত হ’ল গুৱাহাটীলৈ

Last Updated : Feb 12, 2020, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.