ETV Bharat / sitara

দক্ষিণ কামৰূপৰ পথাৰত কি কৰিছে জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশে? - কন্ঠশিল্পী

দক্ষিণ কামৰূপৰ গৰগড়াত জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ 'ৰেণু'ৰ দৃশ্যগ্ৰহণ। নীল আকাশে কণ্ঠ নিগৰোৱা নতুন এটি বিহুসুৰীয়া গীত 'ৰেণু'।

দক্ষিণ কামৰূপৰ গৰগড়াত নীল আকাশৰ 'ৰেণু'ৰ দৃশ্যগ্ৰহণ

author img

By

Published : Oct 17, 2020, 3:42 PM IST

চিটাৰা ডেস্ক, ১৭ অক্টোবৰ: কৰ'ণা মহামাৰী আৰু লক ডাউনে সাংস্কৃতিক জগতখনৰ ওপৰত প্ৰভাৱ পেলোৱাৰ পিছত এতিয়া ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিছে শিল্পীসকল জীৱন। সুদীৰ্ঘ ৭ মাহৰ বিৰতিৰ অন্তত ৰাজ্যত পুনৰ আৰম্ভ হৈছে সাংস্কৃতিক জগতৰ কাম-কাজ। জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশো এতিয়া ব্যস্ত হৈ পৰিছে নতুন গীতৰ দৃশ্যগ্ৰহণত। দক্ষিণ কামৰূপৰ গৰগড়াত দৃশ্যগ্ৰহণ চলি আছে 'ৰেণু' নামৰ এই নতুন বিহুসুৰীয়া গীতটিৰ।

দক্ষিণ কামৰূপৰ গৰগড়াত নীল আকাশৰ 'ৰেণু'ৰ দৃশ্যগ্ৰহণ

'ৰুবি প্ৰডাক্সনৰ' বেনাৰত প্ৰস্তুত কৰা এই গীতটি ৰচনা কৰিছে জনপ্ৰিয় শিল্পী লাটুমণিয়ে আৰু গীতটিত কণ্ঠদান কৰিছে নীল আকাশে। ৰেক্স বড়োৱে সংগীত পৰিকল্পনা কৰা এই গীতটে প্ৰযোজনা কৰিছে ৰিপু বৰগোঁহায়ে। এই গীতটো অহা ডিচেম্বৰ মাহত মুক্তি পোৱাৰ কথা সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে কন্ঠশিল্পীগৰাকীয়ে। নীল আকাশৰ বিপৰীতে এই বিহু সুৰীয়া গীটিত অভিনয় কৰিছে নবাগতা অভিনেত্ৰী বাৰ্বীয়ে।

লগতে পঢ়ক:অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.