ETV Bharat / sitara

অৰ্জুন বিজলানীৰ শিৰত Khatron Ke Khiladi 11 ৰ খিতাপ

author img

By

Published : Sep 22, 2021, 12:38 PM IST

অভিনেতা অৰ্জুন বিজলানীৰ শিৰত ষ্টাণ্ট আধাৰিত ৰিয়েলিটি শ্ব' Khatron Ke Khiladi 11 ৰ খিতাপ ৷ দিব্যাংকা ত্ৰিপাঠী(Divyanka Tripathi), শ্বেতা তিৱাৰী(Shweta Tiwari), বৰুণ সুড(Varun Sood), বিশাল আদিত্য সিং(Vishal Aditya Singh) আৰু ৰাহুল বৈদ্য(Rahul Vaidya)ক পৰাস্ত কৰি অৰ্জুনে লাভ কৰিছে এই খিতাপ ৷ 25 আৰু 26 ছেপ্টেম্বৰত Colors TV যোগে সম্প্ৰচাৰিত হ'ব অনুষ্ঠানটোৰ অন্তিম খণ্ড ৷

arjun bijlani wins khatron ke khiladi 11
a

চিটাৰা ডেস্ক, 22 ছেপ্টেম্বৰ : হাজাৰ অনুৰাগীৰ মুখত হাঁহি বিৰিঙাই অভিনেতা অৰ্জুন বিজলানীয়ে লাভ কৰিলে Khatron Ke Khiladi 11 ৰ বিজয়ীৰ খিতাপ ৷ দিব্যাংকা ত্ৰিপাঠী(Divyanka Tripathi), শ্বেতা তিৱাৰী(Shweta Tiwari), বৰুণ সুড(Varun Sood), বিশাল আদিত্য সিং(Vishal Aditya Singh) আৰু ৰাহুল বৈদ্য(Rahul Vaidya)ক পৰাস্ত কৰি অৰ্জুন বিজলানীয়ে ষ্টাণ্ট আধাৰিত ৰিয়েলিটি শ্ব' Fear Factor: Khatron Ke Khiladi ৰ একাদশ চিজনৰ বিজয়ীৰ ট্ৰফী লাভ কৰিছে ৷

কেইমাহমান পূৰ্বে দক্ষিণ আফ্ৰিকা(South Africa)ৰ কেপটাউন(Cape Town)ত Khatron Ke Khiladi 11 ৰ সমগ্ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ মঙলবাৰে মুম্বাইত ইয়াৰ অন্তিমটো খণ্ডৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হয় আৰু এই খণ্ডতে অৰ্জুন বিজলানীক বিজয়ী হিচাপে ঘোষণা কৰা হয় ৷ 25 আৰু 26 ছেপ্টেম্বৰত Colors TV যোগে এই অন্তিম খণ্ড সম্প্ৰচাৰিত হ'ব ৷

অৰ্জুন বিজলানীৰ শিৰত ষ্টান্ট-আধাৰিত ৰিয়েলিটি শ্ব' Khatron Ke Khiladi 11ৰ খিতাপ

চেনেলটোৱে এই পৰ্যন্ত বিজয়ী সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও অৰ্জুনৰ পত্নী আৰু অনুৰাগীসকলে সামাজিক মাধ্যমত Miley Jab Hum Tum ৰ তাৰকাগৰাকীক অভিনন্দন বাৰ্তাৰে ওপচাই তুলিছে ৷

অৰ্জুনৰ সফলতাত ইনষ্টাগ্ৰামযোগে আনন্দ প্ৰকাশ কৰি অৰ্জুনৰ পত্নী নেহাই কয় যে স্বামীক লৈ তেওঁ গৌৰৱান্বিত আৰু অৰ্জুন পৃথিৱীৰ সকলো সুখৰ যোগ্য ৷ নেহা বিজলানীয়ে ইনষ্টাগ্ৰামযোগে এইবুলি কয়, "I'm soooooo proud of you my Jaan... I know what you have done really.. you deserve all the happiness in the world.. @arjunbijlani."

নেহাই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত ট্ৰফীৰ এখন ফটো পোষ্ট কৰিছে ৷ অৰ্জুনে আনকি তেওঁৰ বিজয় উদযাপন কৰাৰ উদ্দেশ্যে ঘৰত এটা পাৰ্টীৰো আয়োজন কৰে, য'ত Khatron Ke Khiladi ৰ আনসকল প্ৰতিযোগীও উপস্থিত আছিল ৷

লগতে পঢ়ক : এজাক ধুমুহাৰ অন্তত ধুনীয়া বস্তুৰ আগমণ ঘটিব পাৰে: শিল্পাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.