ETV Bharat / sitara

চানবাৰ্ণ ফেষ্টিভেল বাতিলৰ সিদ্ধান্ত গোৱা চৰকাৰৰ

চলিত বৰ্ষৰ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ'বলগীয়া ‘চানবাৰ্ণ ইলেক্ট্ৰনিক ডান্স মিউজিক ফেষ্টিভেল'ৰ বাবে প্ৰদান কৰা অনুমতি বাতিল কৰে গোৱা চৰকাৰে । ক'ভিড ১৯ৰ ভয়াবহতাৰ মাজতে ৰাজ্যখনত শাসকীয় বিজেপি চৰকাৰখনে চানবাৰ্ণ ফেষ্টিভেল অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে ।

author img

By

Published : Nov 7, 2020, 7:42 PM IST

goa-govt-revokes-nod-to-sunburn-edm-fest-after-facing-flak
চানবাৰ্ণ মিউজিক ফেষ্টিভেল বাতিল সিদ্ধান্ত গোৱা চৰকাৰৰ

নেশ্যনেল ডেস্ক, 6নৱেম্বৰ: চলিত বৰ্ষৰ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ'বলগীয়া ‘চানবাৰ্ণ ইলেক্ট্ৰনিক ডান্স মিউজিক ফেষ্টিভেল'ৰ বাবে প্ৰদান কৰা অনুমতি বাতিল কৰে গোৱা চৰকাৰে । ক'ভিড ১৯ৰ ভয়াবহতাৰ মাজতে ৰাজ্যখনত শাসকীয় বিজেপি চৰকাৰখনে চানবাৰ্ণ ফেষ্টিভেল অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে । শুকুৰবাৰে গোৱা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছে চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী মনোবল আজগাওকাৰে জনায়, পৰ্যটন বিভাগে ২০২০ বৰ্ষত চানবাৰ্ণ ফেষ্টিভেল অনুষ্ঠিত কৰাৰ অনুমতি বাতিল কৰিছে । এই সিদ্ধান্ত ক'ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এই মহোৎসৱ ২৭ৰ পৰা ২৯ ডেচেম্বৰলৈ উত্তৰ গোৱাৰ ভাগটোৰ গাঁৱত অনুষ্ঠিত হোৱাৰ কথা আছিল ।

আনহাতে, এই মহোৎসৱ আয়োজনকাৰী সংস্থাটোৱে কয়, অনুষ্ঠানটো আয়োজন কৰাৰ বাবে তেওঁলোকে পৰ্যটন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ কমিটিৰ পৰা অনুমতি গ্ৰহণ কৰিছিল । ৰাজ্যখনত কৰ'ণাৰ ভয়াবহতা বৃদ্ধি পালে তেওঁলোকে এই অনুষ্ঠান বাতিল কৰাৰ বাবেও প্ৰস্তুত আছিল। যদিও এই অনুষ্ঠানৰ সময়তো সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছিল আয়োজকে।

লগতে পঢ়কঃ ভাৰতীয় সেনাৰ কলকাতাৰ ইন্টেলিজেঞ্চৰ খবৰ ভিত্তিতে তেজপুৰত গ্ৰেপ্তাৰ NSCN কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.