চিটাৰা ডেস্ক, ২ আগষ্ট: ৰেঞ্চিল ডি'চিলভা পৰিচালিত ছবি 'ডায়েল ১০০'(Dial 100)ত অভিনয় কৰিব সুদক্ষা অভিনেত্ৰী তথা অসম কন্যা উৰ্মিলা মহন্ত(Urmila Mahanta)ই । অভিনয়ৰে বলীউডত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা উৰ্মিলাক এইবাৰ বলীউডৰ জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীৰ সৈতে একেখন স্ক্ৰীণতে দেখা পাব দৰ্শকে । ছবিখনত নীনা গুপ্তা, সাক্ষী তানৱাৰেও অভিনয় কৰিছে । টুইটযোগে এখন পোষ্টাৰ শ্বেয়াৰ কৰি উৰ্মিলা মহন্তই আগন্তুক ছবিখনৰ বিষয়ে অনুৰাগীক জনাইছে ।
লগতে টুইটটোত তেওঁ উল্লেখ কৰিছে যে, তেওঁ এই প্ৰকল্পটোৰ অংশ হ'বলৈ পাই বহুত সুখী । ছবিখনত কাম কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ ৰেঞ্চিল ডি'চিলভাক ধন্যবাদ জ্ঞাপন কৰে । লগতে মনোজ বাজপেয়ী, নীনা গুপ্তা, সাক্ষী তানৱাৰকো কৃতজ্ঞতা জ্ঞাপন কৰে উৰ্মিলাই । অহা ৬ আগষ্টৰ পৰা ডিজিটেল প্লেটফৰ্ম জি-৫(Zee5)ত প্ৰদৰ্শিত হ'ব ছবিখন ।
ছনী পিকচাৰ্ছ ফিল্মছ ইণ্ডিয়া আৰু এলকেমি ফিল্মছৰ এই ছবিখন মুম্বাই আৰক্ষী কল চেণ্টাৰত নিশা ঘটা এটা ঘটনাৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে । চাচপেন্স থ্ৰিলাৰ হিচাপে ছবিখনৰ কাহিনীক নাট্যৰূপ দিয়া হৈছে । জৰুৰীকালীন ফোন কল এটাই কেনেকৈ সকলোৰে জীৱন সলনি কৰি দিব পাৰে তাকে দেখুওৱা হৈছে ।
নিয়ন্ত্ৰণ কক্ষত উক্ত ৰহস্যজনক ফোন কল গ্ৰহণ কৰা এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে উৰ্মিলা মহন্তই । তেওঁ ছবিখনৰ ট্ৰেইলাৰ টুইটযোগে শ্বেয়াৰ কৰিছে । মনোজ বাজপেয়ীৰ সৈতে ছবিখনত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে উৰ্মিলাই কয় যে, এই অভিজ্ঞতা তেওঁৰ বাবে যথেষ্ট ভাল । কিয়নো ছবিখনে তেওঁক এগৰাকী শ্ৰেষ্ঠ অভিনেতা অৰ্থাৎ মনোজ বাজপেয়ীৰ পৰা শিকাৰ সুযোগ প্ৰদান কৰিছে ।
মনোজ বাজপেয়ীৰ প্ৰতিটো শ্বটে তেওঁক দৃশ্যগ্ৰহণস্থলীত নতুন নতুন কথা শিকাৰ সুযোগ দিছে বুলি তেওঁ মন্তব্য কৰিছে । উৰ্মিলাই ইৰফান খান, নৱাজুদ্দিন ছিদ্দিকী আৰু মনোজ বাজপেয়ীক বলীউডৰ শ্ৰেষ্ঠ অভিনয় প্ৰতিভা থকা অভিনেতা আৰু তেওঁৰ অনুপ্ৰেৰণা হিচাপে গণ্য কৰে । তেওঁ কয় যে, নৱাজুদ্দিন ছিদ্দিকীয়ে বিভিন্ন চৰিত্ৰ কেনেদৰে ব্যতিক্ৰমী ধৰণে ৰূপায়ণ কৰিব লাগে সেয়া জানে । ছিদ্দিকীৰ সৈতে কাম কৰাৰো সুযোগ লাভ কৰিছে বুলি জানিবলৈ দিছে উৰ্মিলাই ।
২০১৫ চনত উৰ্মিলা মহন্তই "মাঞ্জি-দ্য মাউণ্টেইন মেন" ছবিত নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে অভিনয় কৰিছিল । আনহাতে আদৰ্শ ব্যক্তি হিচাপে গণ্য কৰি প্ৰয়াত অভিনেতা ইৰফান খানৰ সৈতে কাম কৰাৰ সুযোগ নোপোৱাৰ বাবে দুখ প্ৰকাশ কৰে উৰ্মিলাই । পুণেস্থিত ভাৰতীয় ছবি আৰু দুৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা উৰ্মিলা মহন্ত অসমৰ সোনাপুৰৰ বাসিন্দা ।
অসমীয়াৰ লগতে উৰ্মিলাই হিন্দী, তামিল আৰু বঙালীকে ধৰি কেইবাটাও ভাষাত নাটক, ছবি, দুৰদৰ্শনৰ ধাৰবাহিক আৰু চুটি ছবিত কাম কৰিছে । শেহতীয়াকৈ আৰ বাল্কিৰ "পেডমেন"ত উৰ্মিলাই অভিনয় কৰিছিল । আনহাতে, এইবাৰ মুন্না আহমেদৰ "সুবালা", প্ৰসান্ত শইকীয়াৰ "গুৱাহাটী ডায়েৰীজ" আদিত দেখা পোৱা যাব উৰ্মিলা মহন্তক । ডায়েল ১০০ ছবিখন সকলোৱে আদৰি ল'ব বুলি উৰ্মিলাই আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:মুকলি হ’ল RRR ছবিৰ থিম চং DOSTI