ETV Bharat / sitara

আমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি

author img

By

Published : Jan 30, 2020, 8:53 AM IST

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া চুটি ছবি ৷ হিউমেনিটেৰিয়ান শিতানত বঁটা লাভ কৰিলে জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত 'পাখি লগা মন’ (উইংছ অৱ মাইণ্ডে) ৷

আমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি
আমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি

গুৱাহাটী, 30 জানুৱাৰীঃ আমেৰিকাত অনুষ্ঠিত হোৱা চুটি ছবি প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হ’ল অসমীয়া চুটি ছবিয়ে ৷ হিউমেনিটেৰিয়ান শিতানত বঁটা লাভ কৰিলে জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত ‘‘পাখি লগা মন’’ (উইংছ অৱ মাইণ্ড) নামৰ চুটি ছবিখনে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 22 হাজাৰ চুটি ছবিৰ ভিতৰত মুঠ 31 খন ছবিয়ে এই শিতানত শ্ৰেষ্ঠত্বৰ হিচাপে নিৰ্বাচিত হৈছে ।

'পাখি লগা মন' চুটি ছবি
'পাখি লগা মন' চুটি ছবি

ইয়াৰে ভিতৰত সন্মান লাভ কৰিবলৈ সক্ষম হয় উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ চুটি ছবি পাখি লগা মনে । চুটি ছবিখনে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা বাবে উৎফুল্লিত হৈ পৰিছে ছবিখনৰ লগত জড়িত সকলো কলা-কুশলী ।

জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত 'পাখি লগা মন’

উল্লেখযোগ্য যে, লক্ষীপ্ৰভা বৰদলৈ নামৰ এগৰাকী অসমীয়া শিপিনীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন । মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিয়ে সমাজকৰ্মী তথা পৰিচালক জোনমণি দেৱী খাউণ্ডে নিৰ্মাণ কৰিছিল পাখি লগা মন (উইংছ অৱ মাইণ্ড) নামৰ এই চুটি ছবিখন । ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় সন্মানৰ উপৰিও আন কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছে চুটি ছবিখনে ৷

লগতে চাওক- মোক মাতিলেও নাযাওঁ ফিল্ম ফেয়াৰলৈ, হেমামালিনীক মোক নালাগে : তৰুণ গগৈ

Intro:এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ চুটি ছবি। আমেৰিকাত অনুষ্ঠিত চুটি ছবি প্ৰতিযোগিতাত হিউমেনিটেৰিয়ান শিতানত বঁটা লাভ কৰিলে জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত 'পাখি লগা মন- উইংছ অৱ মাইণ্ড' নামৰ ছবিখনে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২২ হাজাৰ চুটি ছবিৰ ভিতৰত মুঠ ৩১খন ছবি এই শিতানত শ্ৰেষ্ঠত্বৰ হিচাপে নিৰ্বাচিত হৈছে। ইয়াৰে ভিতৰত সন্মান লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ চুটি ছবিখননেই হৈছে 'পাখি লগা মন'। চুটি ছবিখনে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা বাবে উৎফুল্লিত হৈ পৰিছে ছবিখনৰ লগত জড়িত সকলো কলা-কুশলী। উল্লেখযোগ্য যে লক্ষীপ্ৰভা বৰদলৈ নামৰ এগৰাকী অসমীয়া শিপিনীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন। মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিয়ে সমাজকৰ্মী তথা পৰিচালক জোনমণি দেৱী খাউণ্ডে নিৰ্মাণ কৰিছিল পাখি লগা মন- উইংছ অৱ মাইণ্ড নামৰ এই চুটি ছবিখন। ইতিমধ্যেই এই আন্তঃৰাষ্ট্ৰীয় সন্মানৰ উপৰিও আন কেইবাটাও সন্মান লাভ কৰিছে ছবিখন।
Byte- জোনমণি দেৱী খাউণ্ড, পৰিচালক
Video RTU format Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.