ETV Bharat / sitara

শ্বাহৰুখৰ ফটো দেখি কিয় এম্বুলেন্স বিচাৰিলে অনুৰাগীয়ে ?

author img

By

Published : Aug 3, 2021, 4:25 PM IST

বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান(Shah Rukh Khan)ৰ ফটো । তাতে আকৌ ফটোখন বলীউড তাৰকাৰ প্ৰিয় ফটোগ্ৰাফাৰ ডাব্বু ৰত্নানী(Dabboo Ratnani)ৰ ২০২১ চনৰ কেলেণ্ডাৰ শ্বুটৰ । চৰ্চিত হোৱাতো স্বাভাৱিক । কিং খানৰ এই বিশেষ ফটোখন দেখি প্ৰশংসাৰে উপচাই পেলাইছে অনুৰাগীয়ে ।

Shahrukh Khan smoldering photo
চৰ্চাত শ্বাহৰুখ খানৰ এখন বিশেষ ফটো

চিটাৰা ডেস্ক, ৩ আগষ্ট: অৱশেষত শ্বেয়াৰ হ'ল বলীউড তাৰকাৰ প্ৰিয় ফটোগ্ৰাফাৰ ডাব্বু ৰত্নানী(Dabboo Ratnani)ৰ ২০২১ চনৰ কেলেণ্ডাৰ শ্বুটৰ বহু প্ৰতীক্ষিত ফটোখন । এই বিশেষ ফটোখন হৈছে বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান(Shah Rukh Khan)ৰ । শ্বাহৰুখৰ এই স্মলৰ্ডাৰিং ফটোখন ছ'চিয়েল মিডিয়াত এতিয়া চৰ্চিত হৈ পৰিছে । জনপ্ৰিয় তাৰকাজনক প্ৰশংসাৰে উপচাই পেলাইছে ।

চেলিব্ৰিটি ফটোগ্ৰাফাৰগৰাকীয়ে আলিয়া ভাট, কিয়াৰা আদৱানী, ছানী লিয়নী, বিজয় দেৱেৰাকোণ্ডা, অভিষেক বচ্চন, বিকি কৌশল, তাৰা সুতাৰিয়া, অনন্যা পাণ্ডে, বিদ্যা বালান, ছৈফ আলী খানৰো ফটোও শ্বেয়াৰ কৰিছে । ছাৰ্ট পৰিধান নকৰাকৈয়ে ৫৫ বছৰীয়া শ্বাহৰুখৰ এই ফটোখন তোলা হৈছে । ডাব্বু ৰত্নানীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে ফটোখন শ্বেয়াৰ কৰিছে । লগতে লিখিছে যে, "এবাৰ যদি আপুনি নিৰ্ভীক হয়, জীৱনটো সীমাহীন হৈ পৰে" ।

শ্বাহৰুখক অজেয় আৰু আকৰ্ষণীয় বুলিও প্ৰশংসা কৰে ৰত্নানীয়ে । তেওঁ ওপৰৰ পৰা ক্ল'জ আপত শ্বাহৰুখৰ এখন ফটো তুলিছে । ফটোখনত শ্বাহৰুখৰ কান্ধ আৰু মুখখন ওচৰৰ পৰা দেখা গৈছে ।

অৱশ্যে ফটোখন চালে কোনো লোকেই শ্বাহৰুখৰ প্ৰকৃত বয়সৰ উমান লগাব নোৱাৰাটো নিশ্চিত । ফটোখনত শ্বাহৰুখ চাৱনিয়েও অনুৰাগীক আকৰ্ষিত কৰিছে । আনহাতে, ৰত্নানীয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ পাছত ৭৪ হাজাৰৰো অধিক লাইক লাভ কৰিছে । বহু সংখ্যক অনুৰাগীয়ে মন্তব্যৰ শাখাত তাৰকাগৰাকীৰ বাবে বিভিন্ন ইম'জি দিয়া দেখা গৈছে ।

কেৱল এয়াই নহয়, এতিয়া একাংশ অনুৰাগীয়ে শ্বাহৰুখৰ আৰু ফটো শ্বেয়াৰ কৰিবলৈ ৰত্নানীক আহ্বান জনাইছে । এগৰাকী অনুৰাগীয়ে অভিনেতাগৰাকীৰ ফটো দেখি লিখিছিল যে, "কোনোবাই অনুগ্ৰহ কৰি এম্বুলেন্সলৈ ফোন কৰক" । আনকি এগৰাকী অনুৰাগীয়ে ৰত্নানীক প্ৰশ্ন কৰিছিল যে, তেওঁ এই ৰত্ন সদৃশ ফটো ক'ত লুকুৱাই ৰাখিছিল ।

আন এজনে শ্বাহৰুখক "দ্য অজি কিং" আখ্যা দিছিল । উল্লেখ্য যে, শেষবাৰৰ বাবে শ্বাহৰুখক আনন্দ এল ৰায় পৰিচালিত ২০১৮ চনত মুক্তি লাভ কৰা "জিৰো" নামৰ ছবিখনত দেখা পোৱা গৈছিল । শ্বাহৰুখ এতিয়া পাঠানৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে । ছবিখনত দীপিকা পাডুকন আৰু জন আব্ৰাহামেও অভিনয় কৰিছে ।

লগতে পঢ়ক:ৰুমী জাফৰীৰ কন্যাৰ মেহেন্দীত উপস্থিত ৰিয়া চক্ৰৱৰ্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.