চিটাৰা ডেস্ক,২৩ মাৰ্চ: সম্প্ৰতি বলীউডত ছাৰা আলী খান আৰু তেলেগু অভিনেতা বিজয় দেৱাৰকোণ্ডা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । বিগত মাহত ছাৰা তেলেগু তাৰকা মনীশ মালহোত্ৰাৰ এটা পাৰ্টিত অংশগ্ৰহণ কৰিছিল । য'ত ছাৰাই বিজয় দেৱাৰকোণ্ডাৰ সৈতে উঠা এটা ছেলফি শ্বেয়াৰ কৰিছিল । দুয়ো গৰাকীকে ছেলফিখনত হাঁহি থকাৰ এক বিশেষ মুহুৰ্তত দেখিবলৈ পোৱা গৈছিল । ছাৰাই লগতে ছেলফিত ফান ফেন মুহুৰ্তৰ ষ্টিকাৰেৰে কেপশ্বন দিছিল । ইয়াৰ পিছতে দুয়োগৰাকী তাৰকাক লৈ বিভিন্ন মহলত চৰ্চা হৈ আছিল । বহুতে আকৌ দুয়ো গৰাকীয়ে ডেটিঙত ব্যস্ত থকা কথাও ক'বলৈ আৰম্ভ কৰিছিল ।
তেতিয়াৰে পৰা চৰ্চাত থকা দুয়োগৰাকী তাৰকাক পুনৰ একেলগে দেখা গৈছে । 'লিগাৰ' ছবিৰ সহ-প্ৰযোজক চাৰ্মে কৌৰে শ্বেয়াৰ কৰা সোমবাৰৰ নিশাৰ এখন ফটোত ছাৰা আলী খানক বিজয়, কৰণ জোহৰ, মনীষ মালহোত্ৰা আৰু পৰিচালক পুৰী জগনাধৰ সৈতে একেলগে দেখা গৈছে ।
![পুনৰ চৰ্চাত ছাৰা আৰু বিজয় দেৱাৰকোণ্ডা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11124938_366_11124938_1616493216742.png)
মঙলবাৰে, চাৰ্মে পূৰ্বৰ নিশাৰ দুখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, য'ত আটাইকেইগৰাকীকে বিজয়ে লোৱা এখন ছেলফিত প’জ দিয়া দেখা গৈছে । ফটোখন শ্বেয়াৰ হোৱাৰ লগে লগে পুনৰবাৰ অনুৰাগীৰ মাজত ছাৰা আৰু বিজয়ক লৈ চৰ্চা আৰম্ভ হোৱা দেখা গৈছে ।
আনহাতে বিজয়ৰ নতুন ছবি 'লিগাৰ' ৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব । আনহাতে ছাৰাক বৰুণ ধাৱনৰ সৈতে 'কুলি নম্বৰ-১'ত দেখা গৈছিল । ছাৰাক 'আতৰাংগি ৰে' ছবিত অক্ষয় কুমাৰ ,ধনুশ আৰু নিম্ৰাত কৌৰৰ সৈতে দেখা যাব ।
- " class="align-text-top noRightClick twitterSection" data="
">