ETV Bharat / sitara

নোলানৰ ছবি 'অপেনহাইমাৰ'ত দেখা যাব ৰবাৰ্ট ডাউনি জুনিয়ৰ আৰু মেট ডেমনক

author img

By

Published : Nov 3, 2021, 12:21 PM IST

পাৰমাণৱিক বোমাৰ অন্যতম পিতৃস্বৰূপ জে ৰবাৰ্ট অপেনহাইমাৰৰ জীৱনীৰ আধাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ অভিনেতাৰ তালিকাত ইতিমধ্যে চিলিয়ান মাৰ্ফি আৰু অভিনেত্ৰী এমিলি ব্লাণ্টৰ নাম অন্তৰ্ভুক্ত হৈছে । ছবিখনৰ প্ৰডাকচনৰ কাম ২০২২ চনৰ আৰম্ভণিতে আৰম্ভ হ'ব ।

Oppenheimer
ৰবাৰ্ট ডাউনি জুনিয়ৰ আৰু মেট ডেমন

চিটাৰা ডেস্ক, ৩ নৱেম্বৰ : দ্বিতীয় বিশ্ব যুদ্ধৰ আৰ্হিত নিৰ্মাণ হ'বলগীয়া হলীউডৰ ক্ৰিষ্টোফাৰ নোলানৰ ছবি 'অপেনহাইমাৰ'ৰ (Oppenheimer) দৃশ্যগ্ৰহণত অংশ ল'ব হলীউডৰ তাৰকা ৰবাৰ্ট ডাউনি জুনিয়ৰ (Robert Downey Jr.) আৰু মেট ডেমনে (Matt Damon) । পাৰমাণৱিক বোমাৰ অন্যতম পিতৃস্বৰূপ জে ৰবাৰ্ট অপেনহাইমাৰৰ জীৱনীৰ আধাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ অভিনেতাৰ তালিকাত ইতিমধ্যে চিলিয়ান মাৰ্ফি (Cillian Murphy) আৰু অভিনেত্ৰী এমিলি ব্লাণ্টৰ (Emily Blunt) নাম অন্তৰ্ভুক্ত হৈছে ।

মাৰ্ফিক এগৰাকী তাত্বিক পদাৰ্থবিজ্ঞানীৰ চৰিত্ৰত দেখা যাব যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক বোমা নিৰ্মাণ কৰাত সহায় কৰিছিল । সূত্ৰ অনুসৰি, ব্লাণ্টে তেওঁৰ পত্নী কেথৰিন কিটি অপেনহাইমাৰৰ চৰিত্ৰত অভিনয় কৰিছে, আনহাতে ডেমনে প্ৰথম পাৰমাণৱিক বোমা নিৰ্মাণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা উদ্যোগ ম্যানহাটান প্ৰকল্পৰ (Manhattan Project) সঞ্চালক লেফটেনেণ্ট জেনেৰেল লেছলি গ্ৰোভছৰ চৰিত্ৰত অভিনয় কৰিব ।

ডাউনিয়ে পাৰমাণৱিক শক্তি আয়োগৰ কুখ্যাত অধ্যক্ষ লুইছ ষ্ট্ৰছৰ চৰিত্ৰত অভিনয় কৰিব যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি অপেনহাইমাৰৰ আনুগত্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা শুনানি আৰম্ভ কৰিছিল আৰু বিখ্যাত বিজ্ঞানীজনৰ নিৰাপত্তা ক্লিয়াৰেন্স প্ৰত্যাহাৰ কৰিছিল । ইউনিভাৰ্চেল পিকচাৰ্ছে (Universal Pictures) 'অপেনহাইমাৰ' প্ৰচাৰ কৰি আছে ।

নোলানে ছবিখনৰ স্ক্ৰিপ্টখন লিখাৰ উপৰিও আৰু পৰিচালনা কৰিব । আনহাতে তেওঁৰ সৃষ্টিশীল সংগী আৰু পত্নী এমা থমাছে এটলাস এণ্টাৰটেইনমেণ্টৰ (Atlas Entertainment) চাৰ্লচ ৰোভেনৰ সৈতে প্ৰযোজনা কৰিব । এই প্ৰজেক্টটো কাই বাৰ্ড আৰু স্বৰ্গীয় মাৰ্টিন জে শ্বেৰউইনৰ দ্বাৰা আমেৰিকান প্ৰমিথিউছ: দ্য ট্ৰায়াম্ফ এণ্ড ট্ৰেজেডী অফ জে ৰবাৰ্ট অপেনহাইমাৰৰ ওপৰত আধাৰিত ।

২০০৫ চনত প্ৰকাশিত এই কিতাপখনে পুলিৎজাৰ বঁটা লাভ কৰে । যোৱা বছৰ টেনেটৰ মুক্তিৰ পাছত এইখন নোলানৰ শেহতীয়া চলচ্চিত্ৰ । আগন্তুক প্ৰকল্পটোৰ প্ৰডাকচনৰ কাম ২০২২ চনৰ আৰম্ভণিতে আৰম্ভ হ'ব । ২০২৩ চনৰ ২১ জুলাইত ছবিগৃহত 'অপেনহাইমাৰ'ৰ আত্মপ্ৰকাশ হোৱাৰ সম্ভাৱনা আছে । ইফালে ডাউনি জুনিয়ৰে শেহতীয়াকৈ ডিজনী আৰু মাৰ্ভেলৰ এভেঞ্জাৰ্ছ: এণ্ড গেমত আইৰণ মেন হিচাপে বিদায় লয়, যিখন ছবিয়ে ইতিহাসৰ প্ৰায় প্ৰতিটো বক্স অফিচ ৰেকৰ্ড ভংগ কৰে । পিছত তেওঁ ২০২০ চনত ইউনিভাৰ্চেলে মুক্তি লাভ কৰা 'ডলিটল'ত অভিনয় কৰে । ডেমনৰ শেহতীয়া চলচ্চিত্ৰসমূহ আছিল 'ষ্টিলৱাটাৰ' (Stillwater) আৰু ৰিডলি স্কটৰ পিৰিয়ড ড্ৰামা 'দ্য লাষ্ট ডুৱেল' (The Last Duel) ।

লগতে পঢ়ক :বলীউডৰ Bubbly Singer মোনালী ঠাকুৰলৈ ওপজা দিনৰ ওলগ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.