ETV Bharat / sitara

ৰাজ কুন্দ্ৰাৰ জামিন লাভ - ৰাজ কুন্দ্ৰাৰ জামিন

ৰাজ কুন্দ্ৰাক জামিন প্ৰদান মুম্বাই আদালতৰ ৷ প্ৰায় 50,000 টকাৰ নিশ্চয়তাত ৰাজ কুন্দ্ৰাই জামিন লাভ কৰিছে ৷ অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লগতে সেইসমূহ এপযোগে প্ৰকাশ কৰাৰ অপৰাধত ৰাজ কুন্দ্ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

mumbai court grants bail to raj kundra
ৰাজ কুন্দ্ৰাৰ জামিন লাভ
author img

By

Published : Sep 20, 2021, 6:49 PM IST

চিটাৰা ডেস্ক , 20 ছেপ্টেম্বৰ : পৰ্ণগ্ৰাফী গোচৰ(pornography case)ত অভিযুক্ত ৰাজ কুন্দ্ৰা( Raj Kundra)ই অৱশেষত জামিন লাভ কৰিলে ৷ মুম্বাইৰ আদালতে(Mumbai court) অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰাক জামিন প্ৰদান কৰিছে ৷ সোমবাৰে পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণৰ অভিযোগত অভিযুক্ত ৰাজ কুন্দ্ৰাক আদালতে জামিন প্ৰদান কৰে ৷ প্ৰায় 50,000 টকাৰ নিশ্চয়তাত ৰাজ কুন্দ্ৰাই জামিন লাভ কৰিছে ৷

লগতে পঢ়ক : পৰ্ণ’গ্ৰাফী গোচৰত নিৰ্দোষীৰ দাবীৰে জামিন আবেদন দাখিল ৰাজ কুন্দ্ৰাৰ

উল্লেখ্য যে, মুম্বাই অপৰাধ শাখা (Mumbai crime branch)য়ে শিল্পা চেট্টীৰ(Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাক(Raj Kundra) অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লগতে সেইসমূহ এপযোগে প্ৰকাশ কৰাৰ অপৰাধত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল ৷ এই অনুসন্ধানত শিল্পা চেট্টীৰ কোনো সক্ৰিয় ভূমিকা নাই বুলি আৰক্ষীয়ে ইতিমধ্যে জানিবলৈ দিছে ৷ 2009 চনত বিবাহপাশত আৱদ্ধ হোৱা শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰা দুটা সন্তানৰ পিতৃ-মাতৃ ।

লগতে পঢ়ক : সময়ে ক’ব : কাৰ্যালয়ত আয়কৰৰ অভিযান সন্দৰ্ভত মুখ খুলিলে চনু চুডে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.