নিউজ ডেক্স,২৪এপ্ৰিলঃ সাময়িক বিৰতিৰ পাছত পুনৰ বলিউডৰ পৰ্দাত অভিনেত্ৰী কেটৰিণা কাঈফ। এইবাৰ দেশী ৰূপত উভতিছে কেটৰিণা কাঈফ। আহিবলগীয়া চলচ্চিত্ৰ 'ভাৰত'ত দেশী ৰূপত কেটৰিণা। কেটৰিণাই ইনষ্টাগ্ৰামযোগে ভাৰত চলচ্চিত্ৰৰ পৰা তেওঁৰ এখন ফটো প্ৰকাশ কৰে, য'ত দেশী অৱতাৰত দেখিবলৈ পোৱা গৈছে অভিনেত্ৰীগৰাকীক ।
উল্লেখ্য যে, ভাৰত চলচ্চিত্ৰত কেটৰিণা কাঈফৰ বিপৰীতে অভিনয় কৰিছে চলমান খানে । যোৱা কিছু সপ্তাহৰ পৰা চলমান খানেও ভাৰত চলচ্চিত্ৰৰ কিছু ফটো প্ৰকাশ কৰি আহিছে চ'ছিয়েল মিডিয়া যোগে । সকলোৰে অনুৰাগীৰে প্ৰত্যাশিত এই ছবিখন মুক্তি পাব আগন্তুক ঈদত ।