ETV Bharat / sitara

কংগনা ৰাণাৱটে আৰম্ভ কৰিলে "থালাইভি"ৰ দৃশ্যগ্ৰহণ - অভিনেত্ৰী কংগনা ৰাণাৱট

অভিনেত্ৰী কংগনা ৰাণাৱটো সেইসকল অভিনেতাৰ তালিকাত সন্নিবিষ্ট হৈছে, যিসকলে ছমাহৰো অধিক সময় মহামাৰীজনিত কাৰণৰ বাবে অব্যাহত লক ডাউনৰ পাচত পুনৰ চিনেমাৰ ছেটলৈ ঘূৰি আহে ৷

কংগনা ৰাণাৱটে আৰম্ভ কৰিলে "থালাইভি"ৰ দৃশ্যগ্ৰহণ

author img

By

Published : Oct 5, 2020, 2:06 PM IST

চিটাৰা ডেস্ক, 5 অক্টোবৰ: অভিনেত্ৰী কংগনা ৰাণাৱটৰ মতে, "এই পৃথিৱীত বহু বিচিত্ৰ স্থান আছে কিন্তু আটাইতকৈ অধিক প্ৰশান্তিমূলক আৰু সান্ত্বনাদায়ক হ'ল... এটা চিনেমাৰ ছেট ৷"

শেহতীয়াকৈ অভিনেত্ৰী গৰাকী বহু বিতৰ্কৰ আৱৰ্তত আছিল মুম্বাইক "পাকিস্তান-অধীন" কাশ্মীৰ হিচাপে তুলনা কৰি ৷ সোমবাৰে তেওঁ এক টুইটযোগে বহু প্ৰত্যাশিত ছবি "থালাইভি"ৰ ছেটত পৰিচালক এ.এল বিজয়ৰ সৈতে বাৰ্তালাপ কৰি থকা ফটো শ্বেয়াৰ কৰে ৷

অভিনেত্ৰী গৰাকীয়ে বোলছবি খনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়াললিতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ বিগত সপ্তাহৰ আৰম্ভণিতে কংগনাই মহামাৰীজনিত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত পুনৰবাৰলৈ কাম আৰম্ভ কৰে ৷ লগতে নিজৰ অনুৰাগী সকলক তেওঁ থালাইভিৰ দৃশ্যগ্ৰহণৰ বাবে দক্ষিণ ভাৰতলৈ ভ্ৰমণ কৰাৰ কথাও উল্লেখ কৰে ৷

  • Good morning friends, these are some stills from yesterday’s early morning scene discussion with my absolutely talented and most affectionate director A.L Vijay ji, there are many amazing places in this world but the most soothing and comforting to me is a film set #Thalaivi pic.twitter.com/qGjw0nQjRQ

    — Kangana Ranaut (@KanganaTeam) October 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

"থালাইভি" ছবিখন বাহুবলী আৰু মণিকৰ্ণিকা বোলছবিৰ লেখক কে.ভি বিজয়েন্দ্ৰ প্ৰসাদৰ লগতে, ডাৰ্টী পিকচাৰ আৰু ৱানছ্ আপন এ টাইম ইন মুম্বাইৰ লেখক ৰজত আৰোৰাই লিখিছে ৷ বোলছবি খন চলিত বৰ্ষৰে জুন মাহৰ 26 তাৰিখে ছবিগৃহসমূহত প্ৰদৰ্শিত হোৱাৰ কথা আছিল কিন্তু, কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল ৷

লগতে পঢ়ক: সুদীৰ্ঘ ছমাহৰ অন্তত ৰাধেৰ ছেটলৈ প্ৰত্যাৱৰ্তন ছলমান খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.