ETV Bharat / sitara

চিকিৎসাধীন ইৰফান খান,হঠাৎ স্বাস্থ্যৰ অৱনতি

author img

By

Published : Apr 28, 2020, 7:06 PM IST

পুনৰ চিকিৎসাধীন হ'ল বলীউদৰ অভিনেতা ইৰফান খান ৷ বৰ্তমান অভিনেতা গৰাকীক ধীৰুভাই আম্বানী হাস্পতালৰ আই চি ইউত ৰখা হৈছে ৷

হঠাৎ স্বাস্থ্যৰ অৱনতি
চিকিৎসাধীন ইৰফান খান

এন্টাৰটেইনমেন্ট ডেস্ক, 28 এপ্ৰিল : পুনৰবাৰ চিকিৎসাধীন হ'ল বলীউদৰ অভিনেতা ইৰফান খান ৷ লক ডাউনৰ মাজতে অভিনেতাজন অসুস্থ হৈ পৰাত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয় ৷

হঠাৎ অসুস্থ অনুভৱ কৰাত 53 বৰ্ষীয় অভিনেতা গৰাকীক ধীৰুভাই আম্বানী হাস্পতালৰ আই চি ইউত ৰখা হৈছে ৷ তেওঁৰ পত্নী সুতাপা ছিকদাৰ আৰু দুই পুত্ৰ বৰ্তমান তেওঁৰ সৈতে হাস্পতালতে আছে ৷ উল্লেখ্য যে,বলীউদৰ বলিষ্ঠ অভিনেতা গৰাকী কিছুদিন পূৰ্বে নিউৰোএন্দ্ৰোক্ৰাইন টিউমাৰত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসাধীন হ'ব লগা হৈছিল ৷ ইয়াৰোপৰি,যোৱা শনিবাৰৰ দিনা অভিনেতা গৰাকীৰ মাতৃ ছৈয়দা বেগমৰো জয়পুৰত মৃত্যু ঘটিছে ৷

লক ডাউনৰ ফলত অভিনেতা গৰাকীয়ে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিলে আৰু ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মাতৃক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ৷ অভিনেতা গৰাকীৰ শেহতীয়াকৈ মুক্তি লাভ কৰা চলচিত্ৰ হৈছে হোমী আদাজানিয়াৰ কমেডী 'অংগ্ৰেজী মিডিয়াম' ৷ কিন্তু, COVID-19 আতংকৰ বাবে কেৱল এদিনহে ছবিগৃহত চলচিত্ৰখন দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হ'ল ৷ অসুস্থতাৰ পাচত অংগ্ৰেজী মিডিয়ামৰ জৰিয়তে বলীউদলৈ প্ৰত্যাৱৰ্তন ঘটাইছিল ইৰফান খানে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.