চিটাৰা ডেস্ক,27 জুলাইঃ 1939 চনৰ ছবি গান উইথ দ্য উইণ্ডৰ জনপ্ৰিয় অভিনেত্ৰী অলিভিয়া দি হেৱিলেণ্ডৰ মৃত্যু ৷104 বছৰ বয়সত 25 জুলাই তাৰিখে মৃত্যুবৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ৷
পেৰিচস্থিত তেওঁৰ নিজৰ আৱাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে ৷
এইখিনিতে জনাই থও যে,দুবাৰকৈ অকাডেমী বঁটা লাভ কৰিছিল এইগৰাকী জ্যেষ্ঠ অভিনেত্ৰী অলিভিয়া দি হেৱিলেণ্ডে ৷ শেহতীয়াকৈ 1 জুলাই তাৰিখে নিজৰ জন্মদিন উদযাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ অভিনেত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে ৷