ETV Bharat / sitara

কোভিড-19য়ে সকলোকে একগোট হোৱাৰ সাহস দিছে: আশা ভোশলে - কোভিড-19ৰ সংক্ৰমণক লৈ বলিউডৰ বিখ্যাত গায়িকা আশা ভোশলেৰ মন্তব্য

মহামাৰী কোভিড-19য়ে আমাক সকলোকে একগোট হোৱাৰ শক্তি আৰু সাহস দিছে ৷ বলিউডৰ বিখ্যাত কণ্ঠশিল্পী আশা ভোশলেয়ে মহামাৰী কৰ’ণা ভাইৰাছক লৈ মন্তব্য কৰে এনেদৰে ৷

কোভিড-19 সম্পৰ্কে কণ্ঠশিল্পী আশা ভোশলেৰ মন্তব্য

author img

By

Published : May 24, 2020, 1:19 PM IST

চিটাৰা ডেস্ক, 24 মে’: বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড-19ৰ সংক্ৰমণক লৈ বলিউডৰ বিখ্যাত গায়িকা আশা ভোশলেৰ মন্তব্য ৷ কিছুদিন পূৰ্বে ইউ টিউবৰ সৈতে ডিজিটেল জগতত ভৰি দিয়া কণ্ঠশিল্পীগৰাকীয়ে কয় যে, মহামাৰী কোভিড-19য়ে আমাক সকলোকে একগোট হোৱাৰ সাহস দিছে ৷

পৰিয়ালৰ সৈতে সময় কটাই তেওঁৰ নিজৰ শৈশৱ কালৰ স্মৃতিবোৰ ৰোমন্থন কৰিছে ৷ যেতিয়া তেওঁ সৰু আছিল, তেওঁ তেওঁৰ মাক আৰু ভাই-ভনীৰ সৈতে এনেদৰে একেলগে সময় অতিবাহিত কৰিছিল ৷ দেউতাকৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালত আৰ্থিক সংকটে দেখা দিছিল ৷ তথাপিও তেওঁলোকে একগোট হৈ ইজনে আনজনক সহায় কৰিছিল ৷ টকাই মানুহক সম্পত্তি গঢ়াত সহায় কৰে, কিন্তু টকাই শান্তি কিনিব নোৱাৰে ৷ সুখ-শান্তি সদায় নিজৰ লগতে আছে ৷ কণ্ঠশিল্পীগৰাকীয়ে এইদৰে মন্তব্য কৰে ৷ নিজৰ মনৰ ভাৱ ব্যক্ত কৰি তেওঁ কয় যে, কঠিন সময়ে মানুহক বহু কথাই শিকায় আৰু পৰম্পৰাগত ভাৰতীয় সংস্কৃতিৰ উমান দিয়ে ৷ ইজনে আনজনক সহায় কৰিলেহে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰি ৷ সকলোৱে এতিয়া সেইবোৰ বিচৰাত গুৰুত্ব দিব লাগে, যিবোৰক ইতিমধ্যে গুৰুত্বহীন বুলি ভবা হৈছে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কণ্ঠশিল্পী আশা ভোশলেয়ে 13 মে’ তাৰিখে তেওঁৰ ইউ টিউব চেনেলটো মুকলি কৰে ৷

লগতে পঢ়ক: কৰ’ণা ভাইৰাছত আক্ৰান্ত অভিনেতা কিৰণ কুমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.