ETV Bharat / sitara

13 মে’ত বিশ্বব্যাপী ছবিগৃহত মুক্তিলাভ কৰিব চিৰঞ্জীৱিৰ ‘আচাৰ্য’

author img

By

Published : Jan 29, 2021, 9:49 PM IST

দক্ষিণৰ মেগাষ্টাৰ চিৰঞ্জীৱিয়ে শুকুৰবাৰে ঘোষণা কৰে যে, তেওঁৰ আহিবলগীয়া ‘আচাৰ্য’ ছবিখনে আগন্তুক 13 মে’ত বিশ্বজুৰি ছবিগৃহত মুক্তিলাভ কৰিব ৷

Chiranjeevi
চিৰঞ্জীৱি

চিটাৰা ডেস্ক,29 জানুৱাৰী : আগন্তুক 13 মে’ত সমগ্ৰ বিশ্বৰ ছবিগৃহত মুক্তিলাভ কৰিব দক্ষিণৰ জনপ্ৰিয় অভিনেতা চিৰঞ্জীৱি অভিনীত ছবি ‘আচাৰ্য’ ৷ বহু প্ৰত্যাশিত এই তেলেগু এক্সন ছবিখনৰ পৰিচালনাত আছে পৰিচালক কোৰাতালা শিৱ ৷

ছবিখনত চিৰঞ্জীৱিৰ সৈতে মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব বলিউড অভিনেতা চনু চুড আৰু অভিনেত্ৰী কাজল আগৰৱালক ৷ অন্যহাতে, ছবিখনত অভিনেতা ৰাম চৰণৰ পুত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে ৷

শুকুৰবাৰে টুইটাৰযোগে ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰি ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে বাহুবলী চিৰঞ্জীৱিয়ে ৷ চিৰঞ্জীৱিয়ে লিখিছে, “#AcharyaOnMay13” ৷

সম্প্ৰতি হায়দৰাবাদৰ কোকাপেটত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম চলি আছে ৷ কথিত অনুসৰি, এই ছবিখন এজন আদবয়সীয়া নক্সালবাদীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে, যিয়ে নক্সালবাদীৰ পৰা এগৰাকী সমাজ পৰিৱৰ্তনকাৰীলৈ ৰূপান্তৰিত হয় ৷

সুৰেখা কোনীডেলাই উপস্থাপন কৰা এই ছবিখনৰ প্ৰযোজনাত আছে চৰণ আৰু নিৰঞ্জন ৰেড্ডী ৷ ‘আচাৰ্য’ ছবিখন কোনীডেলা প্ৰডাকশ্যন কোম্পানী আৰু মেটিনী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক : অহা ২ জুলাইত ছবিগৃহলৈ আহিব আদিৱী ছেশ অভিনীত ছবি 'মেজৰ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.