তেজপুৰ, 7 মে': অসমীয়া ছবিৰ এক নতুন জোৱাৰ সৃষ্টি কৰিছে যোৱা ৩ মে'ত মুক্তি লাভ কৰা "বৰনদী ভটিয়ায় " ছবিখনে ৷ মাজুলীৰ অন্যতম নাট্যগোষ্ঠী "ভাৱৰীয়া-দ্য-টি পজিটিভ"ৰ বেনাৰত অনুপম কৌশিক বৰাৰ পৰিচালনাৰে নিৰ্মিত "বৰনদী ভটিয়ায়" ছবিখনে মুম্বাইৰ "Jio MAMI FESTIVAL " আৰু গুৱাহাটীৰ" FILM FESTIVAL"ত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।
সোমবাৰে সন্ধিয়া তেজপুৰ গ'ল্ড চিনেমা হলত ছবিখনৰ প্ৰযোজক তথা পৰিচালক অনুপম কৌশিক বৰাই অভিনেতা অৰুণ নাথ, অভিনেত্ৰী কৃষ্ণা দাস নাথ আৰু অভিনেত্ৰী জাহানাৰা বেগমৰ উপস্থিতিত উপভোগ কৰিলে ছবিখন। ছবিখন উপভোগ কৰি পৰিচালকগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিশিষ্ট অভিনেতা অৰুণ নাথ ৷ লগতে সম্ভাৱনাপূৰ্ণ পৰিচালক গৰাকীক অসমীয়া ছবিজগতলৈ স্বাগতম জনায় শিল্পীসকলে ৷