ETV Bharat / sitara

নদীদ্বীপ মাজুলীৰ প্ৰেক্ষাপটত নিৰ্মিত অসমীয়া ছবি বৰনদী ভটিয়ায়ৰ ট্ৰেইলাৰ মুক্তি

অনুপম কৌশিক বৰাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত বৰনদী ভটিয়ায় মাজুলীৰ জীৱনক লৈ নিৰ্মাণ কৰা এখন বাস্তৱধৰ্মী অসমীয়া চলচ্চিত্ৰ ৷

অসমীয়া ছবি বৰনদী ভটিয়ায়ৰ ট্ৰেইলাৰ মুক্তি
author img

By

Published : Apr 10, 2019, 12:04 AM IST

Updated : Apr 10, 2019, 2:14 AM IST

নিউজ ডেস্ক,৯ এপ্ৰিলঃ মাজুলীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে সুখবৰ । কাৰণ মাজুলীৰ প্ৰেক্ষাপটত নিৰ্মিত হৈছে অসমীয়া ছবি বৰনদী ভটিয়ায় । মঙলবাৰে চান্দমাৰীত ট্ৰেইলাৰ মুকলি কৰা হয় উদীয়মান পৰিচালক অনুপম কৌশিক বৰাৰ বাস্তৱধৰ্মী ছবি বৰনদী ভটিয়ায়ৰ ৷ মঙলবাৰে ট্ৰেইলাৰ মুকলি অনুষ্ঠানত চলচ্চিত্ৰখনৰ কলা-কুশলীৰ লগতে কেইবাজনো চলচ্চিত্ৰ আৰু সংগীত জগতৰ লোক উপস্থিত থাকে ।

অসমীয়া ছবি বৰনদী ভটিয়ায়ৰ ট্ৰেইলাৰ মুক্তি

উল্লেখ্য যে, ছবিখনে ইতিমধ্যে মুম্বাইৰ MAMI আৰু গুৱাহাটীৰ BVFF চলচিত্ৰ উৎসৱত প্ৰশংসিত হৈছে । তৰালী শৰ্মাৰ সুন্দৰ সংগীত আৰু হাস্যৰসৰো সংমিশ্ৰণ ঘটা ছবিখনে দৰ্শকক এক অন্য সোৱাদ দিব ৷ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা ব্যক্তি সকলে চলচ্চিত্ৰখনৰ প্ৰশংসা কৰে ৷ অসমীয়া ছবিৰ দৰ্শকক এক ব্যতিক্ৰমী ৰস দিব খোজা বৰনদী ভটিয়ায় ছবিখন অহা মে’ মাহৰ 3 তাৰিখে ছবিগৃহলৈ আহিব ৷ প্ৰথমখন ছবি পৰিচালনা কৰা অনুপম কৌশিক বৰাই এই ছবিখন অসমৰ ৰাইজে আকোঁৱালি ল'ব বুলি আশা প্ৰকাশ কৰে ৷

Intro:Body:

gitashri creation

Conclusion:
Last Updated : Apr 10, 2019, 2:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.