ETV Bharat / sitara

বাহুবলীৰ পৰিচালক এচ এচ ৰাজামৌলিৰ দেহত কোভিড-১৯ পজিটিভ

ছবি পৰিচালক এচ এচ ৰাজামৌলি আৰু তেওঁৰ পৰিয়ালৰ সকলোৰে ক'ভিড-১৯ পৰীক্ষাৰ অন্তত আটাইৰে শৰীৰত ধৰা পৰিছে কোভিড-১৯ৰ পজিটিভ ভাইৰাছ । পৰিচালক গৰাকীয়ে এটা টুইটৰ জড়িয়তে তেওঁৰ লগতে পৰিয়ালৰ সকলো হোম কোৱাৰেণ্টাইনত থকাৰ কথা সদৰি কৰিলে ।

author img

By

Published : Jul 30, 2020, 1:19 PM IST

Baahubali director SS Rajamouli tests COVID-19 positive
বাহুবলীৰ পৰিচালক এচ এচ ৰাজামৌলিৰ দেহত ক'ভিড-১৯ পজিটিভ

নিউজ ডেস্ক,৩০জুলাই: বুধবাৰে ছবি পৰিচালক এচ এচ ৰাজামৌলিয়ে জনালে যে, তেওঁৰ লগতে পৰিয়ালৰ সকলোৰে দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত সকলোৱে এতিয়া হোম কোৱাৰেণ্টাইনত আছে ।

চুপাৰহিট বাহুবলী পৰিচালনাৰে সকলোৰে অধিক পৰিচিত হৈ পৰা এচ এচ ৰাজামৌলিৰ সামান্য জ্বৰ হোৱাৰ বাবে তেওঁ কোভিডৰ পৰীক্ষা সম্পন্ন কৰিছিল । অৱশ্যে পৰিচালক গৰাকীৰ পৰিয়ালৰ আন সকল সদস্যও জ্বৰত আক্ৰান্ত হৈছিল বুলি জনালে এচ এচ ৰাজামৌলিয়ে ।

অৱশেষত আটাইৰে ক'ভিড-১৯ৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিল । বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰাজামৌলি আৰু পৰিয়ালৰ আন সকল সদস্য হোম কোৱাৰিণ্টাইনত থকাৰ কথা টুইটযোগে জনালে পৰিচালক গৰাকীয়ে ।

আন এটা টুইটত ৰাজামৌলিয়ে উল্লেখ কৰিছে তেওঁৰ লগতে পৰিয়ালৰ সকলোৰে দেহত ভাইৰাছৰ উপস্থিতিৰ লক্ষণ ধৰিব পৰা নাই যদিওঁ সকলোৱে স্বাস্থ্য বিভাগৰ নিৰ্দেশাৱলীৰ লগতে সাৱধানতা অৱলম্বন কৰি হোম কোৱাৰেণ্টাইনত আছে ।

'আমি এতিয়া শৰীৰত এণ্টিবডি বৃদ্ধি হ'বৰ বাবে অপেক্ষা কৰিছো যাতে আমাৰ প্লাজমা আনক দান কৰিব পাৰো ।' ৰাজামৌলিয়ে টুইটত এইদৰে উল্লেখ কৰিলে ।

মাৰ্চ মাহত সমগ্ৰ দেশতে ঘোষণা কৰা ল'ক ডাউনৰ পূৰ্বে পৰিচালক গৰাকীয়ে তেখেতৰ আহিব লগা নতুন ছবি 'Rise Roar Revolt' ৰ নিৰ্মাণৰ কাম কৰি আছিল । দাক্ষিণাত্যৰ চুপাৰ ষ্টাৰ ৰাম চৰণ আৰু এনটিআৰ জুনিয়ৰে অভিনয় কৰা এই টেলেগু ছবিখন বিংশ শতাব্দীৰ প্ৰথমচোৱাৰ দুজন স্বাধীনতা সংগ্ৰামীৰ জীৱন আধাৰিত এটা কল্প কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ।

মন কৰিব লগীয়া যে, বুধবাৰৰ এটা দিনৰ ভিতৰতে অন্ধ্ৰ প্ৰদেশত ক'ৰণাৰ আক্ৰান্ত লোকৰ সংখ্যা হ'ল ১০ হেজাৰৰো অধিক । তাৰোপৰি তামিলনাডু, কৰ্ণাটককে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্য সমূহত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে যদিওঁ গড় হিচাবত সংক্ৰমণ সামান্য কমি অহা পৰিলক্ষিত হৈছে ।

বুধবাৰলৈকে তামিলনাডু, কৰ্ণাটক, টেলেংগানা, কেৰেলা, কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰীকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্য সমূহত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা হৈছে ২৪,৮৫৫ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.