নিউজ ডেস্ক, 27 এপ্ৰিল : অসমীয়া ছবি পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন ছবি "আমিষ"ৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ'ল নিউয়ৰ্কৰ ত্ৰিবেকা চলচিত্ৰ মহোৎসৱত ৷ 24 এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈ থকা এই চলচিত্ৰ মহোৎসৱত শুকুৰবাৰে প্ৰদৰ্শিত হ'ল ছবিখনৰ প্ৰিমিয়াৰ ৷ "আমিষ"ৰ লগতে 103 খন ছবি প্ৰদৰ্শিত হয় এই চলচিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় কাহিনীমূলক ছবি শিতানত ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/57039891_582121828931446_6327945187448324096_o_2704newsroom_1556330563_508.jpg)
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰখ্যাত সত্ৰীয়া নৃত্যশিল্পী লিমা দাস আৰু অৰ্ঘদীপ বৰুৱাই ৷ উল্লেখ্য যে, ভাস্কৰ হাজৰিকাৰ প্ৰথমখন ছবি ‘কথানদী’ৰ জনপ্ৰিয়তাৰ পাচতে তেওঁৰ দ্বিতীয়খন ছবি "আমিষ"ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ নিউয়ৰ্কত প্ৰদৰ্শিত হোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে ৰাজ্যবাসীক ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/57581574_586771338466495_8267252097028718592_n_2704newsroom_1556330563_369.jpg)
অধিক পঢ়ক- অসমীয়া নতুন ছবি "বৰনদী ভটিয়ায়" অহা 3 মে'ত অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব