ETV Bharat / sitara

দীপাৱলীত ডিজিটেল মুক্তিৰ বাবে সাজু 'লুডু'

শীঘ্ৰেই ডিজিটেল মুক্তিৰ পথত অনুৰাগ বাসুৰ আগন্তুক ছবি 'লুডু'। কেইবাগৰাকীও জনপ্ৰিয় তাৰকাই অভিনয় কৰা ছবিখনৰ কাষ্টিঙৰ সময়ত অসুবিধা হোৱা নাছিল বুলি মন্তব্য কৰে ছবি নিৰ্মাতাগৰাকীয়ে। দীপাৱলীত পৰিয়ালৰ সৈতে ছবিখন উপভোগ কৰিবলৈ দৰ্শকক আহ্বান জনালে অনুৰাগ বাসুৱে।

author img

By

Published : Oct 23, 2020, 5:00 PM IST

দীপাৱলীত ডিজিটেল মুক্তিৰ বাবে সাজু 'লুডু'
দীপাৱলীত ডিজিটেল মুক্তিৰ বাবে সাজু 'লুডু'

চিটাৰা ডেস্ক, ২৩ অক্টোবৰ: বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকা অভিনীত 'লুডু' দীপাৱলীত ডিজিটেল মুক্তি দিয়াৰ বাবে সাজু হৈছে ছবি নিৰ্মাতা অনুৰাগ বাসু। ছবিখনত অভিনয় কৰিছে অভিষেক বচ্চন, আদিত্য ৰয় কাপুৰ, ৰাজকুমাৰ ৰাও, সান্যা মালহোট্ৰা, ফাতিমা ছানা শ্বেইখ, ৰোহিত ছৰফ, পিয়াৰ্লে মানে, পংকজ ত্ৰিপাঠী, আশা নেগী, শালিনী ভাটছ আৰু ইনায়ত বাৰ্মাই। ছবি নিৰ্মাতাগৰাকীয়ে কয় যে, 'ছবিখনত অভিনয় কৰা প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী ছবিখনৰ বাবে মোৰ প্ৰথম পছন্দ আৰু এওঁলোকক লৈ ছবিখন নিৰ্মাণ কৰিবলৈ পাই মই যথেষ্ট সুখী।'

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পূৰ্বে, বাসুৱে কয় যে, 'লুডু' তেওঁৰ বাবে অতি ৰোমাঞ্চকৰ আছিল; কিয়নো তেওঁ আগতে কেতিয়াও এনে ছবি নিৰ্মাণ কৰা নাই। লগতে তেওঁ নিৰ্মাণ কৰা আন ছবিতকৈ 'লুডু' পৃথক বুলি মন্তব্য কৰে। সুদক্ষ তাৰকাৰ এটা দলৰ সৈতে সৈতে একেখন ছবিত কাম কৰিবলৈ পোৱাতো যথেষ্ট সৌভ্যাগ্যৰ কথা। ছবিখনত প্ৰতিজন অভিনেতাকে অনন্য ৰূপত দেখা গৈছে। সংগীতকাৰ প্ৰীতমলৈ কৃতজ্ঞতা জ্ঞাপন কৰে অনুৰাগ বাসুৱে। ছবিখনৰ ডিজিটেল মুক্তিক লৈ ছবি নিৰ্মাতাগৰাকীয়ে উত্কণ্ঠিত হৈ আছে বুলিও প্ৰকাশ কৰে। লগতে দীপাৱলীত পৰিয়ালৰ সৈতে ছবিখন উপভোগ কৰিবলৈ দৰ্শকক আহ্বান জনালে অনুৰাগ বাসুৱে।

লগতে পঢ়ক:দীৰ্ঘ বিৰতিয়ে আত্মনিৰীক্ষণ কৰাত সহায় কৰিছে সুস্মিতা সেনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.