ETV Bharat / sitara

'আদিপুৰুষ' নিৰ্মাণৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত নিৰ্দেশক ওম ৰাৱত - 'আদিপুৰুষ'ক লৈ আৰম্ভ হৈছে বিবাদ

ওম ৰাৱতৰ আগন্তুক ছবি 'আদিপুৰুষ'ক লৈ আৰম্ভ হৈছে বিবাদ । ছবিখনত ৰাৱনৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া ছৈফ আলী খানৰ এটা মন্তব্যক লৈ বিতৰ্ক আৰম্ভ হৈছে ।

ওম ৰাৱতৰ আগন্তুক ছবি 'আদিপুৰুষ'ক লৈ আৰম্ভ হৈছে বিবাদ

author img

By

Published : Jan 6, 2021, 5:05 PM IST

চিটাৰা ডেস্ক, ৬ জানুৱাৰী: আগন্তুক ছবি 'আদিপুৰুষ'ৰ জৰিয়তে দৰ্শকক সত্যযুগলৈ লৈ যোৱাৰ বাবে এক প্ৰকাৰ সাজু হৈছে নিৰ্দেশক ওম ৰাৱত । ছবিখনত বাহুবলী ছবিৰ নায়ক প্ৰভাসে প্ৰভু ৰামৰ চৰিত্ৰ আৰু ছৈফ আলী খানে ৰাৱনৰ চৰিত্ৰ ৰূপায়ণ কৰিব । কিন্তু দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই এতিয়া ছবিখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে । ছৈফ আলী খানৰ এটা মন্তব্যই ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত ক্ষমা খুজিবলগীয়া হৈছে ছবি নিৰ্মাতাই ।

নিৰ্দেশক ওম ৰাৱতে ছবি সমালোচকৰ আগত কয় যে, তেওঁ কিয় ৰামায়ণৰ আধাৰত ছবি নিৰ্মাণ কৰিব বিচাৰিছে আৰু প্ৰভাসক ৰামৰ চৰিত্ৰৰ বাবে বাচনি কৰিছে । আনহাতে, ৰাৱনৰ বিষয়ে ছৈফৰ মন্তব্যই ছবি নিৰ্মাতাৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ কথাও প্ৰকাশ কৰে । তেওঁ কয় যে, ছবি নিৰ্মাতা হিচাপে আমি সদায়ে ৰক্ষাকাৰী ৰূপে থাকিব লাগে । ইয়াৰ অৰ্থ হ'ল যে, নিৰ্দেশক-লিখক হিচাপে নিজৰ কলাক প্ৰকাশ কৰাতো সকলোৱে বিচাৰে, যাতে ছবিৰ মুক্তিৰ পূৰ্বৰে পৰা চৰ্চা লাভ কৰিব পাৰি ।

'আদিপুৰুষ'ৰ বিতৰ্কৰ প্ৰসংগত তেওঁ কয় যে, তেওঁ ব্যক্তিগতভাৱে পঞ্চমখন দেৱাল হৈ থাকিব বিচাৰে আৰু সেইবাবে তেওঁ ছবি নিৰ্মাতা হিচাপে নিজকে গঢ় দিছে, যাতে দলৰ লগত থাকি মই কৰিব বিচৰাখিনি কৰিব পাৰো । লগতে যিকোনো এজন লোকৰ ওপৰত অধিক গুৰুত্ব দিয়াতো তেওঁ ব্যক্তিগতভাৱে ভাল নাপায় বুলিও মন্তব্য কৰে । কিন্তু জীৱনত ভৱা ধৰণে সকলো নহয় আৰু ভুল হ'লে যিকোনো এজনে ইয়াৰ দায়িত্ব ল'বলগীয়া হয় বুলিও তেওঁ কয় ।

আনহাতে, ছবিখনৰ দৃশ্যগ্ৰহণ সন্দৰ্ভত তেওঁ কয় যে, চলিত মাহৰ শেষৰফালে দৃশ্যগ্ৰহণ আৰম্ভ হ'ব । কিছুদিনৰ পিছতে সীতাৰ চৰিত্ৰ কোনে ৰূপায়ণ কৰিছে সেই বিষয়ে দৰ্শকে জানিব পাৰিব বুলি মন্তব্য কৰে । কীৰ্তি সেননে সীতাৰ চৰিত্ৰ ৰূপয়ণ কৰাৰ বাবে প্ৰশিক্ষণ লৈ আছে বুলি ইতিমধ্যে এক সূত্ৰই প্ৰকাশ কৰিছে

লগতে পঢ়ক:এ.আৰ. ৰহমানলৈ জন্মদিনৰ অলেখ শুভকামনা...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.