গুৱাহাটী,26জুনঃ
- অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ সংবাদমেল
- ৰীমা দাসৰো অংশগ্ৰহণ সংবাদমেলত
- চুটি ছবি,এনিমেছনত নিৰ্মাণৰ ক্ষেত্ৰত সাহাৰ্য্য অনুমোদন ৰাজ্য চৰকাৰৰ
- ইতিমধ্যে চৰকাৰে ১ কোটি টকা মোকলাই দিছে
- চুটি ছবিৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ৫ লাখৰ পৰা ২৫ লাখ টকাৰ ৰাজ সাহাৰ্য্য
- দীঘলীয়া দৈঘ্য ছবিৰ ওপৰত প্ৰায় ২৫ লাখ টকাৰ ৰাজ সাহাৰ্য্য
- বন্ধ হৈ থকা চিনেমা হলসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ধন মুকলি
- ৰীমা দাসলৈ নতুন ছবি নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ অনুদান
- ৰীমা দাসে নিৰ্মাণ কৰিব নতুন ছবি 'পূৰ্ণ চন্দ্ৰা'
- আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব 'পূৰ্ণ চন্দ্ৰা'ৰ শ্বুটিঙৰ কাম
- ৰীমা দাসৰ নতুন ছবি 'বুলবুল কেন চিঙ' আগষ্ট বা ছেপ্টেম্বৰ মাহl অসমৰ চিত্ৰগৃহলৈ আহিব
- ৫০ লাখ টকা ব্যয় নহলে ৰীমা দাসে বাকী পইচা ঘূৰাই দিব চলচ্চিত্ৰ বিত্ত নিগমলৈ
- ইয়াৰ পূৰ্বে জাহ্নু বৰুৱালৈ আগবঢ়োৱা হৈছিল ৫০ লাখ টকা
- অসমৰ শিল্পী কল্যান ন্যাসৰ তৰফৰ পৰা প্ৰায় কেইবাজনো শিল্পীলৈ এতিয়ালৈ ৫০ লাখ টকা আগবঢ়োৱা হৈছে
- অস্কাৰৰ সময়ত ৰীমা দাসক অনুদান আগবঢ়োৱা সকলোকে সহ প্ৰযোজক হিচাপে লৈ এখন চিনেমা নিৰ্মান কৰিব ৰীমা দাসে যত লাভ্যাংশ পাব অনুদান আগবঢ়োৱা প্ৰত্যেকজন লোকে
- প্ৰাঞ্জনা দত্ত আৰু বৰদৈচিলা থিয়েটাৰৰ মাজত হোৱা ঘটনা দুৰ্ভাগ্যজনক আখ্যা যতীন বৰাৰ
- তেওঁলোকে আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰিব পাৰিলে হয়
- এনেকুৱা ঘটনাৰ বাবে ৰাইজৰ মোহভঙ্গ হ'ব