চিটাৰা ডেস্ক, 5 জুন : অভিনেত্ৰী য়ামী গৌতম আৰু ছবি নিৰ্দেশক আদিত্য ধৰে অৱশেষত আনুষ্ঠানিকভাৱে প্ৰেম আৰু বন্ধুত্বৰ যাত্ৰাৰ পাতনি মেলিলে ৷ দুয়ো বিগত তিনিবছৰে প্ৰেমৰ সম্পৰ্ক বান্ধ খাই আছিল ৷
আদিত্য আৰু য়ামীয়ে ‘উৰি’ৰ শ্বুটিঙৰ সময়তেই ইজনে আনজনৰ প্ৰতি আকৰ্ষিত হৈছিল ৷ তেওঁলোকৰ বিয়াৰ বাতৰিটো কেৱল তেওঁলোকৰ অনুৰাগীৰ বাবেই নহয়, দুয়োৰে সম্পৰ্কীয় বহু লোকৰ বাবে আশ্বৰ্যকৰ খবৰ আছিল ৷ কাৰণ দুয়ো নিজৰ সম্পৰ্কৰ বিষয়ে কেতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল ৷
সূত্ৰ অনুসৰি ‘উৰি’ৰ শ্বুটিঙৰ আৰম্ভণিৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল ৷ দুয়োৰে সম্পৰ্কই তিনি বছৰ অতিক্ৰম কৰিছিল যদিও তেওঁলোকে সামাজিকভাৱে নিজৰ অনুভৱ প্ৰকাশৰ পৰা বিৰত আছিল ৷ শুকুৰবাৰে সামাজিক মাধ্যমত এটি পোষ্টৰ জৰিয়তে দুয়ো নিজৰ বিবাহৰ আনুষ্ঠানিক ঘোষণা কৰে ৷
নিজৰ বিয়াৰ এখন ফোটো শ্বেয়াৰ কৰি তাত পাৰ্চী কবি ৰুমিৰ কবিতাৰ উদ্ধৃতি দি লিখিছিল ‘তোমাৰ পোহৰত মই ভাল পাবলৈ শিকিছো ৷’
- " class="align-text-top noRightClick twitterSection" data="
">
তেওঁলোকে কয়, ‘আমাৰ পৰিয়ালৰ আশীৰ্বাদ লৈ আমি আজি বিবাহ পাশত আবদ্ধ হ’লো ৷ নিজস্ব ব্যক্তি হিচাপে এই আনন্দপূৰ্ণ যাত্ৰাটো নিজৰ আত্মীয় আৰু পৰিয়ালৰ লোকৰ সৈতে উদযাপন কৰিছো ৷ আমি ভালপোৱা আৰু বন্ধুত্বৰ যাত্ৰা আৰম্ভ কৰিছো আৰু এই যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো ৷ মৰমেৰে য়ামী আৰু আদিত্য ৷’
লগতে পঢ়ক- অভিনেতা কৰণ মেহৰাৰ জামিন লাভ