ETV Bharat / sitara

কেতিয়া বিবাহ পাশত আৱদ্ধ হ'ব আলিয়া ভাট ?

author img

By

Published : Dec 22, 2020, 3:40 PM IST

বলীউড তাৰকা ৰণবীৰ কাপুৰৰ সৈতে অভিনেত্ৰী আলিয়া ভাটৰ বিয়াক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে আলিয়াই ৰাজহুৱা কৰিলে বিবাহৰ পৰিকল্পনাৰ কথা । সঞ্জয়লীলা ভাঞ্চালীৰ আগন্তুক ছবি 'গংগুবাই কাথিয়াৱাড়ী'ৰ কামত লৈ ব্যস্ত হৈ থকা আলিয়াই প্ৰকাশ কৰিছে কেতিয়া তেওঁ বিবাহ পাশত আৱদ্ধ হ'ব ।

নিজৰ বিয়া সন্দৰ্ভত কি উত্তৰ দিলে আলিয়াই ?

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: দীৰ্ঘ দিন ধৰি অভিনেত্ৰী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে চৰ্চা লাভ কৰি আহিছে । ৰণবীৰে আজিলৈকে বিয়াৰ কথা প্ৰকাশ কৰা নাই যদিও আলিয়াই শেহতীয়াকৈ দুয়োৰে বিবাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । দুয়োৰে ডেষ্টিনেছন ৱেডিং সম্পন্ন হোৱাৰ খবৰ ইতিমধ্যে বিয়পি পৰিছে ।

যি সময়ত ৰণবীৰ-আলিয়াৰ অনুৰাগীয়ে তেওঁলোকৰ বিবাহৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে, সেই সময়তে ৰাজী ছবিৰ অভিনেত্ৰীগৰাকীয়ে এখন ৱেবলয়ডৰ সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, তেওঁ এতিয়া বিয়াৰ কথা চিন্তা কৰা নাই আৰু এতিয়াও তেওঁৰ বিবাহৰ বাবে উপযুক্ত বয়স হোৱা নাই । তেওঁ কয় যে, 'সকলোৱে কিয় মোক এই প্ৰশ্ন কৰে যে, মই কেতিয়া বিয়াত বহিম ? মোৰ মাত্ৰ ২৫ বছৰ হৈছে আৰু মই ভাৱো যে, বিবাহৰ বাবে উপযুক্ত বয়স হোৱা নাই ।'

শেহতীয়াকৈ মুক্তি লাভ কৰা চড়ক-২ত অভিনয় কৰা আলিয়াই কিছু দিন পূৰ্বে বাহুবলীৰ নিৰ্দেশক এছ এছ ৰাজামৌলীৰ আগন্তুক ছবিতো কাম কৰিছে । ছবিখনত আলিয়া সীতাৰ চৰিত্ৰ ৰূপায়ণ কৰিব । লগতে ব্ৰহ্মাস্ত্ৰ ছবিত ৰণবীৰ কাপুৰ, মৌনী ৰয়, অমিতাভ বচ্চন আৰু তেলেগু ছুপাৰষ্টাৰ নাগাৰ্জুনাৰ সৈতে দেখা পোৱা যাব আলিয়াক ।

লগতে পঢ়ক:'অন্তিম'ৰ ফাৰ্ষ্ট লুকঃ আয়ুছৰ হাতত ধৰি বাধা দিয়াৰ চেষ্টা ছলমানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.