চিটাৰা ডেস্ক, 9 আগষ্ট: মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত সৰহ সংখ্যক বলিউড তাৰকা, কলা-কুশলীয়ে নিজকে আইশ্ব’লেচনত ৰখা পৰিলক্ষিত হৈছে ৷ কিন্তু কিছুদিন ধৰি বলিউড জগতত লাহে লাহে সকলো যেন আগৰ অৱস্থালৈ ঘূৰি আহিছে ৷
শুকুৰবাৰে নিশা প্ৰযোজক কৰণ জোহৰৰ বাসগৃহৰ বাহিৰত নিতু কাপুৰ, অনিল কাপুৰ আৰু কিয়াৰা আদৱানীসহ অন্য বলিউড তাৰকাক প্ৰত্যক্ষ কৰা হৈছে ৷ এই দৃশ্য চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ উপৰিও কৰণ জোহৰে তেওঁৰ বাসগৃহত পাৰ্টীৰ আয়োজন কৰা বুলি অনুমান কৰা হৈছে ৷
আনহাতে, কিছুসংখ্যক লোকে প্ৰশ্ন উত্থাপন কৰি কয়, ‘‘যদি সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ কৰণ জোহৰৰ শোক সঁচা আছিল, তেন্তে তেওঁ ইমান সোনকালে কেনেকৈ সাধাৰণ অৱস্থালৈ ঘূৰি আহিব পাৰিছে?’’
সুশান্তৰ আত্মহত্যাৰ আঁৰত কৰণ জোহৰ সহ নেপ’টিজমক সমৰ্থন কৰা কলা-কুশলী জড়িত থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতে কৰণ জোহৰে নেটিজেনক কয় যে, অলাগতিয়াল অভিযোগৰ বাবে তেওঁ মানসিকভাৱে অশান্তি পাইছে ৷
ইফালে, এদিন পূৰ্বে অভিনেত্ৰী কিয়াৰা আদৱানী আৰু বৰুণ ধৱনক কৰণ জোহৰৰ মুম্বাইস্থিত ধৰ্ম প্ৰডাকচনৰ কাৰ্যালয়ত প্ৰত্যক্ষ কৰা হৈছিল ৷
উল্লেখ্য যে, কৰণ জোহৰ প্ৰযোজিত ‘Gunjan Saxena: The Kargil Girl’ ছবিখনে 12 আগষ্টত ইণ্টাৰনেটযোগে মুক্তিলাভ কৰিব ৷
লগতে পঢ়ক: সুশান্তৰ আত্মহত্যা : উচ্চতম ন্যায়ালয়ত তদন্তৰ প্ৰতিবেদন দাখিল মহাৰাষ্ট্ৰ চৰকাৰৰ