ETV Bharat / sitara

ফাৰহান আখতাৰৰ ছবি 'তুফান'ৰ টিজাৰ মুকলি - পেছাদাৰী বক্সাৰ

অভিনেতা ফাৰহান আখতাৰৰ ক্ৰীড়াৰ ওপৰত আধাৰিত ছবি 'তুফান'ৰ বহু প্ৰত্যাশিত টিজাৰ মুকলি । 2013 চনৰ হিট ছবি 'ভাগ মিলখা ভাগ'ত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল ফাৰহানে । এইবাৰ ৰাকেশ ওম প্ৰকাশ মেহৰাৰ পৰিচালনাৰে নিৰ্মিত 'তুফান'ত এগৰাকী বক্সাৰৰ চৰিত্ৰত অভিনয় কৰিব ফাৰহানে ।

ফাৰহান আখতাৰৰ ছবি 'তুফান'ৰ টিজাৰ মুকলি
ফাৰহান আখতাৰৰ ছবি 'তুফান'ৰ টিজাৰ মুকলি
author img

By

Published : Mar 12, 2021, 5:01 PM IST

চিটাৰা ডেস্ক, ১২ মাৰ্চ: অভিনেতা ফাৰহান আখতাৰে ক্ৰীড়াৰ ওপৰত আধাৰিত ছবি 'তুফান'ৰ বহু প্ৰত্যাশিত টিজাৰ মুকলি কৰে । ছবিখনত ফাৰহানক এগৰাকী পেছাদাৰী বক্সাৰৰ চৰিত্ৰত অভিনয় কৰা দেখা পোৱা যাব । 47 বছৰীয়া অভিনেতাগৰাকীয়ে শুকুৰবাৰে ইনষ্টাগ্ৰামত ছবিখনৰ প্ৰথমটো দুই মিনিটজোৰা টিজাৰ শ্বেয়াৰ কৰে । 2013 চনৰ হিট ছবি 'ভাগ মিলখা ভাগ'ত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল ফাৰহানে । এইবাৰ ৰাকেশ ওম প্ৰকাশ মেহৰাৰ পৰিচালনাৰে নিৰ্মিত 'তুফান'ত এগৰাকী বক্সাৰৰ চৰিত্ৰত অভিনয় কৰিব ফাৰহানে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনত পৰেশ ৰাৱালে ফাৰহানৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত ফাৰহানে অপৰিসীম প্ৰশিক্ষণ গ্ৰহণ কৰা দেখা পোৱা যাব । এগৰাকী সফল পেছাদাৰী বক্সাৰে কিদৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখে তাৰ ওপৰত নিৰ্মিত কাহিনীটো । উল্লেখ্য যে, অতিমাৰীৰ ফলত দেশজুৰি লক ডাউন হোৱাৰ ফলত ছবিখনৰ প্ৰযোজনাৰ কাম স্থগিত ৰখা হৈছিল । ছবিখন ৰিতেশ চিধৱানী, ফাৰহান আৰু ৰাকেশে প্ৰযোজনা কৰিছে । ছবিখনত অভিনয় কৰিছে সুপ্ৰিয়া পাঠক কাপুৰ, হুছেইন দালাল, মোহন আগাশে আৰু দৰ্শন কুমাৰে । এই ছবিখন 21 মে'ত মুক্তিলাভ কৰিব ।

লগতে পঢ়ক: অচিৰেই মুক্তিৰ পথত এ আৰ ৰহমান প্ৰযোজিত 99 Songs

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.