ETV Bharat / sitara

Movie on Indian Politician: বীৰ চাভাৰকাৰৰ ওপৰত নিৰ্মাণ হ’ব জীৱনীমূলক ছবি

author img

By

Published : Mar 23, 2022, 7:46 PM IST

শ্বহীদ দিৱসত ঘোষণা হ’ল বীৰ চাভাৰকাৰৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণৰ কথা (Movie on Indian Politician) ৷ স্বতন্ত্ৰ বীৰ চাভাৰকাৰ নামেৰে ছবিখন নিৰ্দেশনা কৰিব মহেশ ভি. মন্জ্ৰেকাৰে ৷ ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুদাক থিৰাং কৰা হৈছে (Randeep Hooda new movie) ৷

Movie on Indian Politician
ভাৰতীয় ৰাজনীতিবিদ বীৰ সাভাৰকাৰৰ ওপৰত নিৰ্মাণ হ’ব জীৱনীমূলক ছবি

চিটাৰা ডেস্ক, 23 মাৰ্চ : শ্বহীদ দিৱসৰ দিনাই চিত্ৰ নিৰ্মাতা মহেশ ভি. মন্জ্ৰেকাৰে ঘোষণা কৰিলে বীৰ চাভাৰকাৰৰ ওপৰত জীৱনীমূলক ছবি নিৰ্মাণৰ কথা (Movie on Indian Politician) ৷ চলিত মাহৰ জুন মাহৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা ৷ বীৰ চাভাৰকাৰৰ চৰিত্ৰটো ৰূপায়ন কৰিব ৰণদীপ হুদাই (Randeep Huda new movie) ৷

ৰণদীপ হুদাই ইয়াৰ পূৰ্বে সৰবজিৎ ছবিখনত অভিনয় কৰি দৰ্শকৰ লগতে সমালোচকৰ পৰাও প্ৰচুৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ সৰবজিৎ ছবিখনত ৰণদীপৰ অভিনয় সদায়ে দৰ্শকৰ মনত থাকি যাব ৷ এতিয়া স্বতন্ত্ৰ বীৰ চাভাৰকাৰৰ চৰিত্ৰটো ৰূপায়ন কৰিবলৈ পাই উৎসুক হৈ পৰিছে ৰণদীপ হুদা ৷ এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানমূলক চৰিত্ৰৰ অভিনেতাজন সদায় আগ্ৰহী বুলি জনালে এটা সাক্ষাৎকাৰত ৷

স্বতন্ত্ৰ বীৰ চাভাৰকাৰৰ শ্বুটিং জুন মাহৰ পৰা আৰম্ভ হ’ব ৷ লণ্ডন, মহাৰাষ্ট্ৰ আৰু আণ্ডামান নিকোবৰ আইলেণ্ডত শ্বুটিং হ’ব ছবিখনৰ ৷ প্ৰাপ্ত বাতৰি অনুসৰি, এই ছবিখনত ভাৰতৰ স্বতন্ত্ৰতা আন্দোলনক অন্য এক দিশৰ পৰা উপস্থাপন কৰা হ’ব ৷

ৰণদীপ হুদাই নিজকে ধন্য মানিছে যে তেওঁক এই চৰিত্ৰটোৰ বাবে বাছনি কৰা হৈছে ( randeep hooda latest news) । তেওঁ মন্তব্য কৰে যে "বহুতো এনে নায়ক আছে যিয়ে আমাক আমাৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । অৱশ্যে, বহুত ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য নাপালে । বিনায়ক দামোদৰ চাভাৰকাৰ হৈছে এই অখ্যাত নায়কসকলৰ ভিতৰত আটাইতকৈ ভুল বুজা, বিতৰ্কিত আৰু প্ৰভাৱশালী এজন নেতা যাৰ কাহিনী জনসাধাৰণৰ মাজলৈ যাব লাগে "।

2016 চনৰ জীৱনীমূলক ছবি সৰবজিতৰ পিছত সন্দীপ সিঙৰ সৈতে ৰণদীপৰ এইটো দ্বিতীয়টো প্ৰজেক্ট (Ranbir Hooda on biopic movies) ৷ সন্দীপ সিঙৰ সৈতে কাম কৰাৰ সন্দৰ্ভত মন্তব্য কৰি ৰণদীপে কয়, " সৰবজিতৰ পিছত স্বতন্ত্ৰ বীৰ চাভাৰকাৰৰ ছবিখনত সন্দীপৰ সৈতে কাম কৰিবলৈ পাই মই সুখী । এইটো আন এটা প্ৰত্যাহ্বানমূলক চৰিত্ৰ মোৰ বাবে " ৷

প্ৰায় এবছৰ ধৰি এই বিষয়ত কাম কৰি থকা পৰিচালক মহেশ ভি. মন্জ্ৰেকাৰে ছবিখন সম্পৰ্কত মত দিয়ে যে, "আমি উপেক্ষা কৰি অহা কাহিনী বোৰ কোৱাৰ এইটো সঠিক সময় । আমাৰ ইতিহাসক খুচৰি চাব পৰাকৈ স্বতন্ত্ৰ বীৰ চাভাৰকাৰ চলচ্চিত্ৰখন নিশ্চয়কৈ উপযোগী হ'ব । মই সন্দীপ সিঙৰ সৈতে কাম কৰিব বিচাৰিছিলো, আৰু মই সুখী যে আমি একেলগে এই ছবিখন কৰি আছো "।

স্বতন্ত্ৰ বীৰ চাভাৰকাৰ ছবিখন আনন্দ পণ্ডিত ৰ আনন্দ পণ্ডিত মোচন পিকচাৰ্ছ, সন্দীপ সিং আৰু চেম খানৰ লিজেণ্ড ষ্টুডিঅ'ৰ দ্বাৰা প্ৰযোজিত আৰু ৰূপা পণ্ডিত আৰু জয় পাণ্ডয়াৰ দ্বাৰা সহ-প্ৰযোজিত । ৰণদীপৰ অভিনয় দক্ষতাক প্ৰশংসা কৰি প্ৰযোজক সন্দীপ সিঙে কয়, "ভাৰতত খুব কম এনে অভিনেতা আছে যিয়ে তেওঁলোকৰ প্ৰতিভাৰে যাদু সৃষ্টি কৰিব পাৰে আৰু ৰণদীপ তেওঁলোকৰ মাজৰ এজন । বীৰ চাভাৰকাৰক ভাৰতীয় ইতিহাসৰ আটাইতকৈ বিতৰ্কিত নেতা হিচাপে বিবেচনা কৰি মই কেৱল ৰণদীপৰ কথাই ভাবিব পাৰিছিলো । তেওঁ লগতে আৰু কয় যে, "বীৰ চাভাৰকাৰৰ অৱদানক উপেক্ষা কৰিব নোৱাৰি, মই আচৰিত হওঁ যে আমাৰ ইতিহাসৰ কিতাপত বীৰ চাভাৰকাৰৰ কথা কেতিয়াও কিয় উল্লেখ কৰা হোৱা নাছিল?" ।

আনন্দ পণ্ডিত মোচন পিকচাৰ্ছৰ প্ৰযোজক আনন্দ পণ্ডিতে কয়, "চিনেমা হৈছে এক সৃষ্টিশীল মাধ্যম যাৰ জৰিয়তে বিভিন্ন নতুন চিন্তা প্ৰক্ৰিয়াক দৰ্শকে উপভোগ কৰে । স্বতন্ত্ৰ বীৰ চাভাৰকাৰে নিশ্চয় দৰ্শকৰ মনত স্থান দখল কৰিবলৈ সক্ষম হ’ব " ৷

লগতে পঢ়ক: Kartik Aaryan latest news:গোলাপ লৈ কাৰ্তিক আৰ্য়ানৰ পিছে পিছে দৌৰিলে দুই যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.