চিটাৰা ডেস্ক, 4 মাৰ্চ : বলীউদ তাৰকা বৰুণ ধাৱান আৰু কৃতি ছেননে আজি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰে ৷ ভৌতিকধৰ্মী কমেডী ছবি 'ভেড়িয়া'ৰ দৃশ্যগ্ৰহণৰ বাবে ছবিখনৰ কলা-কুশলীৰ সৈতে অৰুণাচলত উপস্থিত হৈছে দুয়োগৰাকী তাৰকা ৷
পেমা খাণ্ডুৰ এই সৈতে এই সাক্ষাৎকাৰত উপস্থিত আছিল গৃহমন্ত্ৰী বামাং ফেলিক্স, মুখ্য সচিব নৰেশ কুমাৰ আৰু HCM কমিছনাৰ ছোনম চোম্বে ৷
অমৰ কৌশিকৰ পৰিচালনাৰ এই ছবিখনত দেখা পোৱা যাব অভিষেক বেনাৰ্জী আৰু দীপক ডোব্ৰিয়ালকো ৷ আনহাতে, ভেড়িয়াৰ চিত্ৰনাট্য লিখিছে ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চিত্ৰ নাট্যকাৰ নিৰেন ভট্টই ৷
ভেড়িয়াই 2022 চনৰ 14 এপ্ৰিলত ছবিগৃহত মুক্তিলাভ কৰিব ৷
লগতে পঢ়ক : মাতৃ হোৱাৰ পথত শ্ৰেয়া ঘোষাল