ETV Bharat / sitara

'দ্য কাশ্মীৰ ফাইল্ছ'ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান

author img

By

Published : Mar 18, 2022, 4:27 PM IST

'দ্য কাশ্মীৰ ফাইল্ছ' বোলছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে । পৰিচালকজনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ সৈতে চাৰিৰ পৰা পাঁচজন সশস্ত্ৰ কমাণ্ডো মোতায়েন কৰা হৈছে (Director of The Kashmir Files)। সকলো সময়তে বিবেকৰ লগতে থকাকৈ এই ৱাই শ্ৰেণীৰ নিৰাপত্তা দিয়া হৈছে তেওঁক ।

Director of The Kashmir Files
বিবেক অগ্নিহোত্ৰীক ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান

চিটাৰা ডেস্ক, 18 মাৰ্চ: 'দ্য কাশ্মীৰ ফাইল্ছ'ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে (Director of The Kashmir Files) । 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখনক লৈ বৰ্তমান সমগ্ৰ দেশতেই এক বিশদ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে ৷ ছবিখনৰ প্ৰতি মানুহে ভিন্ন প্ৰতিক্ৰিয়া দি আছে।

চলচ্চিত্ৰখনৰ বিষয়বস্তুক লৈ বৰ্তমান দেশৰ পৰিস্থিতি বৰ সন্তোষজনক নহয় (The Kashmir Files controversy)। ছবিখনৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰী এতিয়ালৈকে কেইবাটাও ভাবুকিৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিত পৰিচালকজনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ বাবে চাৰিৰ পৰা পাঁচজন সশস্ত্ৰ কমাণ্ডো মোতায়েন কৰা হৈছে । ঘৰৰ পৰা ওলাই যোৱাৰ পৰা আৰম্ভ কৰি ঘৰ আহি সোমোৱালৈকে সকলো সময়তে তেওঁৰ লগত থাকিব এই নিৰাপত্তা ব্যৱস্থা ৷

বিবেক অগ্নিহোত্ৰীৰ শেহতীয়া ছবি 'দ্য কাশ্মীৰ ফাইলছ' বোলছবি খনত কাশ্মীৰী পণ্ডিতসকলৰ গণহত্যা আৰু প্ৰস্থানৰ বেদনাৰ বিষয়ে দেখুওৱা হৈছে (movie on kashmiri pandits) । ছবিখন চোৱাৰ পিছত দৰ্শক কেইবাটাও ভাগত বিভক্ত হৈ পৰিছে ৷ কিছু সংখ্যক লোকে ছবিখনক লৈ তেতিয়াৰ চৰকাৰৰ ওপৰত খং কৰাৰ বিপৰীতে আন কিছু সংখ্যকে ইয়াক মুছলমান বিৰোধী বুলিও অভিহিত কৰিছে (movie on kashmiri pandits) ।

চলচ্চিত্ৰখনক লৈ ৰাজনৈতিক পৰিৱেশো উত্তপ্ত হৈ পৰিছে ৷ মানুহে ছবিখন সম্পৰ্কত নীৰৱে বহি থকা বলীউডৰ তাৰকাসকলক লৈয়ো সমালোচনা কৰা আৰম্ভ কৰিছে (Public opinion on The kashmir files) ৷

'দ্য কাশ্মীৰ ফাইল্ছ'ক লৈ দেশত দেশত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰখনলৈয়ো বিয়পি পৰিছে ইয়াৰ প্ৰভাৱ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও ছবিখন নিৰ্মাণৰ বাবে বিবেকক প্ৰশংসা কৰিছে । চলচ্চিত্ৰখনৰ বাবে পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাত পৰিচালকজনৰ জীৱনৰ প্ৰতি ভাবুকিৰ আশংকা কৰি তেওঁক ৱাই চিকিউৰিটিৰ নিৰাপত্তা দিয়া হৈছে ।

এইটো এটা ভিআইপি শ্ৰেণীৰ সুৰক্ষা । ইয়াত আঠজনকৈ সুৰক্ষা কৰ্মী মোতায়েন কৰা হয় ৷ তাৰ ভিতৰত পাঁচজনক এই নিৰাপত্তা প্ৰদান কৰা ব্যক্তিজন ঘৰত সশস্ত্ৰ ষ্টেটিক গাৰ্ড হিচাপে ৰখা হয় ৷ তাৰ উপৰি বাকী তিনিজন পি.এছ.ও.৷ তেওঁলোক শ্বিফ্ট অনুসৰি ব্যক্তিজনৰ নিৰাপত্তাত দিন-ৰাতি সষ্টম হৈ থাকে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু চোৰাংচোৱা ব্যুৰো (আইবি)ৰ পৰামৰ্শ অনুসৰি, ই প্ৰতি বছৰে সেই লোকসকলৰ পৰ্যালোচনা কৰে যাৰ বাবে এই সুৰক্ষা প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয় ।

লগতে পঢ়ক: জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে কাশ্মিৰী পণ্ডিতৰ প্ৰসংগৰে The Kashmir Files

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.