চিটাৰা ডেস্ক, ৮ জুন: অকালতে প্ৰাণ হেৰুৱালে অভিনেত্ৰী মাহী ৱিজ (Mahi Vij)ৰ ২৫ বছৰীয়া ভাতৃয়ে । ছ'চিয়েল মিডিয়া (Social Media) পোষ্টযোগে ভাতৃৰ বিয়োগৰ খবৰ শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ভাতৃয়ে মহামাৰীৰে যুঁজ দি থকাৰ সময়ত কৰা সহায়ৰ বাবে মানৱদৰদী অভিনেতা চনু চুডক কৃতজ্ঞতা জ্ঞাপন কৰে মাহীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ক'ভিড (Covid)ত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়ত বিচনাৰ অভাৱ হোৱাৰ বাবে তেওঁৰ ভাতৃয়ে হাৰাশাস্তি ভূগিবলগীয়া হৈছিল । সেই সময়তে অভিনেতা চনু চুডে (Sonu Sood) বিচনা বিচাৰি পোৱাত সহায় কৰিছিল । সোমবাৰে ইনষ্টাগ্ৰাম পোষ্ট (Instagram Post)যোগে চনু আৰু কৌতুক অভিনেত্ৰী ভাৰতী সিঙ (Bharti Sing) ৰ এটা টুইট পুনৰ শ্বেয়াৰ কৰে ।
সংকটৰ সময়ত সহায় কৰাৰ বাবে দুয়োৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে মাহীয়ে । মাহীক পোষ্টটোত চনুক উদ্দেশ্যি লিখিছে যে, যেতিয়া সাহস হিচাপে তেওঁৰ কাষত কোনো নাছিল, তেতিয়া চনুৱে তেওঁক আশাৰ বাট দেখুৱাইছিল । লগতে তেওঁ চনুৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ব বুলিও পোষ্টটোত উল্লেখ কৰে । লগতে বৰ্তমান চনু চুডে লাখ লাখ লোকক কৰি অহা সহায়ৰ কথা উল্লেখ কৰি পোষ্টটোৰ জৰিয়তে মাহীয়ে ধন্যবাদ জ্ঞাপন কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
মাহীৰ পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চনুৱে মাহীৰ ভাতৃৰ বিয়োগত শোকপ্ৰকাশ কৰে । মাহীয়ে যোৱা সপ্তাহত এক আৱেগিক ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে ভাতৃৰ বিয়োগৰ বাতৰি শ্বেয়াৰ কৰিছিল । লগতে ভাতৃক নিজৰ শক্তি বুলি পোষ্টটোত উল্লেখ কৰিছিল মাহীয়ে । মাহীয়ে পোষ্টটোত লিখিছিল যে, তেওঁলোকে ভাতৃক ভাল পাইছিল, কিন্তু ঈশ্বৰে তেওঁক বেছি ভাল পাইছিল । মাহীয়ে প্ৰয়াত ভাতৃৰ এখন ফটো শ্বেয়াৰ কৰিছিল ।