চিটাৰা ডেস্ক,10জানুৱাৰীঃ একাংশ মিডিয়াই সদায়েই তাৰকাৰ ব্যক্তিগত জীৱনৰ পিছত দৌৰি থাকে ৷ আৰু যেতিয়াই কথা বলীউডৰ আহে তেতিয়াই সঘনে চৰ্চিত হৈ পৰে ষ্টাৰ কিড টাইমূৰ আলি খান ৷ বলীউড ক্ষেত্ৰখনত জন্মৰে পৰা জনপ্ৰিয়তাৰ শীৰ্ষত আছে চেইফ আৰু কৰীণাৰ পু্ত্ৰ টাইমূৰ আলি খান ৷ শেহতীয়াকৈ চৰ্চিত হ'ল টাইমূৰৰ পালনদাত্ৰীগৰাকীৰ মাহিলী আয়ৰ প্ৰসঙ্গ ৷ এটা উৰাবাতৰিয়ে সাধাৰণ মানুহৰ মনত যথেষ্ট খলকনি তুলিলে যে, টাইমূৰৰ পালনদাত্ৰীৰ এমাহৰ দৰমহা 1 লাখ 50 হাজাৰ টকা ৷
কৰীণা আৰু চেইফে তেওঁলোকৰ সন্তানৰ চোৱা-চিতাৰ বাবে কিমান খৰচ কৰে ,সেয়া এতিয়া যেন আনৰ বাবেহে হৈ পৰিছে এটা চিন্তনীয় বিষয় ৷
কিছু দিন পূৰ্বে 'bollywood now 'ৰ এটা ইউ টিউব চেনেলৰ ৰিৰ্পোট অনুসৰি, জনপ্ৰিয় বলীউড ৱেৱচাইট পিংকভিলা ডট কমে কৰীণাক এই সংক্ৰান্তত এটা প্ৰশ্ন সোধে যে, টাইমূৰৰ চোৱা-চিতাৰ বাব ইমান টকা খৰচ কৰাটো সঁচা নেকি?
ইয়াৰ উত্তৰত কৰীণাই কিছু কথাৰ পৰা ফালৰি কাটি কয় , " সঁচাই ! মই আগতেও কৈছো যে, মই বজাৰ সমাৰৰ কথা নাপাতো তেনেকৈ ৷ "
কৰীণাৰ কামৰ কথালৈ আহিলে কৰীণাক দেখিবলৈ পাব ,আমিৰ খানৰ দ্বাৰা পৰিচালিত লাল সিং চদ্ধাত ৷ ইয়াৰ উপৰিও মাৰ্চত মু্ক্তি পাব কৰীণাৰ 'অংগৰেজী মিডিয়াম' শীৰ্ষক ছবিখন ৷
লগতে চাওঁকঃদৰ্শকে কেনে পালে ৰজনীকান্তৰ 'দৰবাৰ ' ?