চিটাৰা ডেস্ক,13 ডিচেম্বৰ: নিজৰ আহিবলগীয়া ছবি ‘লুপ লপেটা’ৰ শ্বুটিং পুনৰ আৰম্ভ কৰিছে অভিনেত্ৰী তাপসী পান্নুৱে ৷ অভিনেত্ৰী গৰাকীয়ে ছবিখনৰ দৃশ্যগ্ৰহণ স্থলীৰ কিছু ছবি নিজৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত শ্বেয়াৰ কৰে ৷ এই ছবিখনৰ জৰিয়তেই বলিউডত পদৰ্পনৰ বাবে প্ৰস্তুত নিৰ্দেশক আকাশ ভাটিয়া ৷
ইয়াৰ পূৰ্বে তাপসীয়ে কৈছিল যে, তেখেতে তেখেতৰ আন এখন আহিবলগীয়া ছবি ‘ৰশ্মি ৰকেট’ৰ তুলনাত ‘লুপ লপেটাৰ’ শ্বুটিঙৰ বাবে অধিক সুস্থ কাৰ্যসূচী গ্ৰহণৰ অপেক্ষাত আছিল ৷ ছবিখন শ্বেয়াৰ কৰি তাপসীয়ে লিখিছে "Donning the greasepaint! #loooplaptea"
উল্লেখ্য যে, এই ছবিখন জাৰ্মান ছবি ‘ৰান লোলা ৰান’ৰ হিন্দী অভিযোজন ৷ ছবিখনত তাপসীৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে তাহিৰ ৰাজ ভাছিনে ৷ ছবিখনৰ পৰিচালনা কৰিছে সোনী পিকচাৰ্ছ ফিল্মছ ইণ্ডিয়া, এলিপচিচ এন্টাৰটেইনমেন্ট আৰু আয়ুস মাহেশ্বৰীয়ে ৷
‘লুপ লপেটা’ৰ উপৰিও তাপসীৰ তালিকাত আছে ‘সাব্বাছ মিথু’ আৰু ‘হসীনা দিলৰুবা’ এই দুখন ছবি ৷ ইয়াৰ উপৰিও তাপসীয়ে ভাৰতৰ বৰ্ণ বৈষম্য সন্দৰ্ভত নিৰ্মিত আন এখন ছবিৰ বাবে ‘থপ্পৰ’ ছবিখনৰ নিৰ্দেশক অনুভৱ সিহ্নাৰ সৈতে পুনৰ একেলগে কাম কৰিব ৷