ETV Bharat / sitara

দিল বেচাৰা চাবলৈ সাহস কৰিব নোৱাৰিলোঃ স্বস্তিকা মুখাৰ্জী

author img

By

Published : Jul 31, 2020, 2:56 PM IST

Updated : Aug 1, 2020, 5:13 PM IST

‘ডিটেক্টিভ ব্যমকেশ বক্সি’ত অভিনেতা সুশান্ত সিং ৰাজপুটৰ সৈতে অভিনয় কৰা বাঙালী অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে সুশান্তৰ অন্তিমখন ছবি ‘দিল বেচাৰা’তো অভিনয় কৰিছে ৷ তেওঁ নিজে ছবিখনত অভিনয় কৰিছে যদিও ছবিখন চাবলৈ সাহস কৰিব পৰা নাই বুলি শোক প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

Swastika Mukherjee comment
অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীৰ মন্তব্য

চিটাৰা ডেস্ক, 31 জুলাই : বাংলা ছবিৰ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীৰ সুশান্ত সিং ৰাজপুটৰ শেষৰখন ছবি ‘দিল বেচাৰা’ক লৈ মন্তব্য প্ৰকাশ ৷ তেওঁ নিজেও ছবিখনত অভিনয় কৰিছে যদিও ছবিখন চাবলৈ তেওঁ সাহস কৰিব পৰা নাই ৷

Swastika Mukherjee comment
অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীৰ মন্তব্য

উল্লেখ্য যে,ছবিখনত স্বস্তিকা মুখাৰ্জীয়ে ছবিখনৰ মুখ্য নায়িকা সঞ্জনা সংঘীৰ মাকৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ইয়াৰ পূৰ্বে 2015 চনত সুশান্ত অভিনীত ‘ডিটেক্টিভ ব্যমকেশ বক্সি’ ছবিখনত সুশান্তৰ সৈতে কাম কৰিছিল অভিনেত্ৰী গৰাকীয়ে ৷

‘‘মই ছবিখন চাব নোৱাৰিলো ৷ মুক্তিৰ পূৰ্বে আমি ছবিখনক লৈ উৎসুক আছিলো ৷ ছবিখনৰ মুক্তিৰ পূৰ্বে মই এবাৰো সম্পূৰ্ণ ছবিখন চোৱা নাই ৷ আমি ছবিখনৰ চিংক চাউণ্ডত শ্বুটিং কৰিছিলো ৷ মই কেৱল ডাবিঙৰ বাবে ছবিখন চোৱা নাছিলো ৷ সেয়ে মই ছবিখন চাবলৈ শুকুৰবাৰলৈ অপেক্ষা কৰিছিলো’’ ৷

তথাপিও তেওঁ ‘দিল বেচাৰা’ চাবলৈ সাহস কৰিব নোৱাৰা বুলি দুখ প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ লগতে সুশান্তৰ মৃত্যু সন্দৰ্ভত তেওঁ কয় যে,‘‘সুশান্তৰ আকস্মিক মৃত্যুক গ্ৰহণ কৰাতো মোৰ বাবে সম্ভৱ নাছিল ৷ মই মোৰ পৰিয়ালৰ সকলো সদস্যকে মাতি কৈছো যে আমি সকলোৱে একেলগে বহি ছবিখন উপভোগ কৰিম ৷ আমি ফোনযোগে ছবিখন চোৱাৰ পৰিকল্পনা কৰিছিলো, কাৰণ আমি সুশান্তৰ স্মৃতি ৰোমান্থন কৰিব বিচাৰিছিলো ৷ যেতিয়া ছবিখন আৰম্ভ হয়,সুশান্তৰ এখন ফটো দেখুওৱাৰ পাচতে মই ছবিখন চাবলৈ আৰু মনটোক বুজাব নোৱাৰিলো’’ ৷

পৰিয়ালৰ মতামত সম্পৰ্কে স্বস্তিকা মুখাৰ্জীয়ে কয় যে,‘‘মোৰ ছোৱালীয়ে অতি দুখেৰে ছবিখন চোৱাৰ কথা উল্লেখ কৰে আৰু কান্দি পেলায় ৷ ইয়াৰ পাচত মোৰ ভনীয়ে মোক মেছেজযোগে কয় যে,এই ছবিখনৰ বিষয়ে আলোচনা কৰিব নোৱাৰি ৷ কিয়নো সুশান্তৰ মৃত্যুৰ শোকে খুন্দা মাৰি ধৰিছে’’ ৷

‘‘ছবিখনে দৰ্শকৰ প্ৰশংসা লাভ কৰিছে ৷ কিন্তু এই সময়ত সুশান্তে ছবিখনৰ প্ৰশংসা উপভোগ কৰাতো বিচাৰিছিলো ৷ এগৰাকী অভিনেত্ৰী হিচাপে দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰি সুখী অনুভৱ কৰিছো যদিও সুশান্ত অবিহনে আমি সেই সুখ উদযাপন কৰিব নোৱাৰো’’ ৷ অতি দুখেৰে অভিনেত্ৰী গৰাকীয়ে সদৰি কৰে এই কথা ৷

লগতে পঢ়ক : অভিনেত্ৰী দিপ্তী সাধৱানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

Last Updated : Aug 1, 2020, 5:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.