চিটাৰা ডেস্ক,1 মে'ঃ স্বৰ্গীয় ইৰফান খানৰ পত্নী সুতাপা চিকদাৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে ৷
বুধবাৰে স্বামীক হেৰুৱাৰ পাচত অভিনেতাজনৰ পত্নীয়ে স্বামীৰ সৈতে উঠা এখন ফটো নিজৰ ফেচবুক একাউন্টৰ প্ৰফাইল ফটো হিচাপে প্ৰকাশ কৰে ৷ ফটোখনৰ সৈতে তেওঁ লিখে, "মই তোমাক হেৰুওৱা নাই, সকলো অৰ্থত মই তোমাক পাইছো ৷"
প'ষ্টটোৱে যথেষ্ট আৱেগিক কৰি তোলে অভিনেতাজনৰ অনুৰাগীসকলক ৷ সকলোৱে সাহস দিয়াৰ প্ৰয়াস কৰিছে ইৰফান খানৰ পত্নীক ৷
উল্লেখ্য যে, সুতাপা আৰু ইৰফান প্ৰথমে লগ পাইছিল নেশ্যনেল স্কুল অৱ ড্ৰামাত অধ্যয়নৰত দিনত ৷ তাত থাকোতেই দুয়োৰে মাজত প্ৰেম আৰম্ভ হয় আৰু 1995 চনত দুয়ো বিবাহপাশত আৱদ্ধ হয় ৷
লগতে পঢ়কঃব'বীৰ পৰা হাইদৰলৈঃ কাশ্মীৰৰ শান্তি আৰু হিংসাৰ পৰিস্থিতিলৈ