ETV Bharat / sitara

America celebrating SSR: আমেৰিকাই পালন কৰি 'সুশান্ত মুন' দিৱস - সুশান্ত সিং ৰাজপুতলৈ আমেৰিকাই যাঁচিলে সন্মান

অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ভাৰতীয় মনোৰঞ্জন ক্ষেত্ৰখনৰ উজ্জল তাৰকা প্ৰয়াত সুশান্ত সিং ৰাজপুতলৈ আমেৰিকাই যাঁচিলে সন্মান (America celebrating SSR) ৷ সুশান্ত মুন দিৱস উদযাপন কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই (America will celebrate Sushant Moon divas remembering SSR) ৷

America celebrating SSR
আমেৰিকাই পালন কৰি 'সুশান্ত মুন' দিৱস
author img

By

Published : Mar 10, 2022, 10:24 PM IST

চিটাৰা ডেস্ক, 10 মাৰ্চ: আমেৰিকান লুনাৰ ছ’চাইটিয়ে নিজৰ ৱেবছাইটত উল্লেখ কৰিছে যে, প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিনটোক সুশান্ত মুন দিৱস হিচাপে আগন্তুক বৰ্ষৰ পৰা উদযাপন কৰিব (American lunar society tribute to Sushant Singh Rajput) ৷ 21 জানুৱাৰী 2023 ৰ পৰা আমেৰিকাই পালন কৰিব এই দিৱস ৷

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে এতিয়াও জোকাৰি যাই সকলো অনুৰাগীকে ৷ আজিলৈকে ৰহস্য উদঘাটন ন’হল এই আকস্মিক মৃত্যুৰ ৷ 2020 চনৰ 14 জুনত নিজৰ ৰূমত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ (SSR death) ৷

সুশান্ত সিং ৰাজপুত মৃত্যুৰ পিছতো সময়ে সময়ে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডত থাকে ৷ এনে সময়তে তেওঁৰ অনুৰাগীসকললৈ আহিল এটি সুখবৰ ৷ আমেৰিকাই উদযাপন কৰিবলৈ লৈছে সুশান্ত মুন দিৱস ৷ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকান লুনাৰ ছ’চাইটিয়ে ৷

মহাকাশৰে সৈতে সুশান্তৰ আছিল দুৰ্বাৰ প্ৰেম ৷ নিজৰ ইন্ষ্টাগ্ৰামতো সুশান্তে মাজে-সময়ে গেলেক্সীৰ ফটো আপলোড কৰিছিল ৷ মহাকাশৰ প্ৰতি থকা সুশান্তৰ এই দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকান লুনাৰ ছ’চাইটিয়ে ঘোষণা কৰিলে সুশান্ত মুন দিৱসৰ কথা (Remenbering sushant singh rajput) ৷ সুশান্তৰ অনুৰাগীসকলেও জানিছিল তেওঁৰ এই মহাকাশ প্ৰেমৰ কথা ৷

চন্দ্ৰত মাটি কিনা তাৰকাজন

আমেৰিকান লুনাৰ ছ’চাইটিয়ে আশা প্ৰকাশ কৰিছে যে 'সুশান্ত মুন দিৱস' এটা ঐতিহাসিক আৰু বাৰ্ষিক ইভেণ্ট হিচাপে চিৰস্মৰণীয় হৈ ৰ’ব (America celebrating SSR) ৷ টুইটাৰত তাৰকাজনৰ অনুৰাগীয়ে অতি কমেও 5.3 মিলিয়ন টুইট কৰিছে সুশান্তৰ নামত ৷ বৰ্তমান #SushantDay ট্ৰেণ্ড কৰি আছে টুইটাৰত ৷ তেওঁৱেই বলীউডৰ একমাত্ৰ তাৰকা যিজনে চন্দ্ৰত মাটি কিনিছিল ৷

SSR
সুশান্ত সিং ৰাজপুতলৈ আমেৰিকাই যাঁচিলে সন্মান

উল্লেখ্য যে, 'চন্দা মামা দূৰ কে' শীৰ্ষক ছবিত অভিনয় কৰাৰ কথা আছিল সুশান্তৰ ৷ ছবিখনৰ বাবে চুক্তিত চহীও কৰিছিল অভিনেতাজনে ৷ এই ছবিখনত সুশান্তে এজন মহাকাশচাৰীৰ চৰিত্ৰ ৰূপায়ন কৰাৰ কথা আছিল ৷ চৰিত্ৰৰ সৈতে একাত্ম হ’বলৈ সুশান্ত নাছা (NASA) পৰ্যন্ত গৈছিল ৷ অৱশ্যে সুশান্তৰ মৃত্যুৰ পিছত ছবিখনৰ কামকাজ সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিল ৷

লগতে পঢ়ক: Rishi Kapoor last film: শীঘ্ৰেই মুক্তি পাব ঋষি কাপুৰৰ অন্তিম খন ছবি 'শৰ্মাজী নামকিন'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.