চিটাৰা ডেস্ক,18 জুলাইঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শনিবাৰে ছবি নিৰ্মাতা আদিত্য চোপ্ৰাৰ বিবৃতি গ্ৰহণ কৰে ৷
নিজৰ বিবৃতি প্ৰদান কৰিবৰ বাবে শনিবাৰে বান্দ্ৰা আৰক্ষী থানাত উপস্থিত হয় যশৰাজ ছবিৰ স্বত্বাধিকাৰী আদিত্য চোপ্ৰা ৷
![Sushant Singh Rajput death: Police record Aditya Chopra's statement](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8074898_a.jpg)
পানী ছবিৰ বাবে যশৰাজ ছবি আৰু সুশান্তৰ মাজত হোৱা চুক্তিক লৈও সোধ-পোচ চলাই বান্দ্ৰা আৰক্ষীয়ে ৷
ৰিপ'ৰ্ট অনুসৰি 2013চনত সুশান্ত সিং ৰাজপুতৰ যশৰাজ ছবিৰ লগত প্ৰথম ছবি আছিল সুধ দেশী ৰোমাঞ্চ ৷ যাৰ বাবে তেওঁক দিয়া হৈছিল 30 লাখ টকা ৷ যশৰাজ ছবিৰ সৈতে সুশান্তৰ দ্বিতীয় খন ছবি আছিল ডিটেক্টিভ ব্যোমকেশ বক্সী ৷ যাৰ বাবে অভিনেতাগৰাকীক দিয়া হৈছিল সম্পূৰ্ণ 1 কোটি টকা ৷
যশৰাজ ছবিৰ সৈতে সুশান্ত চুক্তিৱদ্ধ হৈছিল তেওঁৰ তৃতীয়খন ছবি পানীৰ বাবে ৷ কিন্তু কিবা কাৰণত মাজতেই ছবিখনৰ কাম ৰখাই দিয়া হৈছিল আৰু বন্ধ কৰি দিয়া হৈছিল ছবিখন ৷
লগতে পঢ়কঃ গুণমুগ্ধক ধন্যবাদ বিগ বি অমিতাভ বচ্চনৰ