ETV Bharat / sitara

সুশান্ত সিঙৰ মৃত্যুৰ অভিযুক্ত ৰিগেল মহাকালক NCBৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Dec 9, 2020, 8:59 PM IST

অভিযুক্ত ৰিগেল মহাকালক ২ দিনৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ জিম্মালৈ প্ৰেৰণ মুম্বাইৰ আদালতৰ । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰে জড়িত এক ড্ৰাগছ গোচৰৰ অভিযুক্ত ৰিগেল মহাকাল ।

অভিযুক্ত ৰিগেল মহাকালক ২ দিনৰ বাবে NCBৰ জিম্মালৈ প্ৰেৰণ

চিটাৰা ডেস্ক, ৯ ডিচেম্বৰ: মুম্বাইৰ আদালতে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত জড়িত এক ড্ৰাগছ গোচৰৰ অভিযুক্ত ৰিগেল মহাকালক বুধবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ জিম্মালৈ প্ৰেৰণ কৰে । দীৰ্ঘদিন ধৰি পলাতক হৈ থকা মহাকালক বুধবাৰে পুৱাৰ ভাগতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰে । স্বাস্থ্য পৰীক্ষাৰ অন্তত মহাকালক আদালতত হাজিৰ কৰোৱা হয় । এগৰাকী বিষয়াই প্ৰকাশ কৰিছে যে, মহাকালে আন এক অভিযুক্ত অনুজ কেশৱানীক ড্ৰাগছৰ যোগান ধৰিছিল আৰু অনুজে আন লোকসকলক বিলাই দিছিল ।

মিল্লত নগৰ, ল'খণ্ডৱালাত নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই তালাচী অভিযান চলাই থকাৰ সময়তে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে । যোৱা ১২ ছেপ্টেম্বৰত কেশৱানীয়ে স্বীকাৰোক্তিত প্ৰকাশ কৰা তথ্যৰ আধাৰত নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৱে বহু অভিযান চলায় । কেইজান ইব্ৰাহিমে জেৰাৰ সময়ত কেশৱানীয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰিছিল আৰু ইয়াৰ পিছতে আৰক্ষীয়ে কেশৱানীক গ্ৰেপ্তাৰ কৰে ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ মাজতে ড্ৰাগছৰ প্ৰসংগ উত্থাপন হোৱাত এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ সৈতে যোগাযোগ কৰে আৰু তেতিয়াৰে পৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে তদন্তৰ সময়ত বহুকেইটা হোৱাটছএপ বাৰ্তালাপ লাভ কৰিছিল য'ত ড্ৰাগছৰ ব্যৱহাৰ, সৰবৰাহ আদিৰ বিষয়ে আলোচনা হৈছিল । এই তথ্য লাভৰ পিছতে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ক অৱগত কৰে ।

যোৱা ২৮ জুলাইত সুশান্তৰ পিতৃ কে কে সিঙে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বিহাৰত প্ৰথমটো গোচৰ ৰুজু কৰাৰ কৰাৰ পিছত যোৱা ৩১ জুলাইত এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে আন এক গোচৰ পঞ্জীয়ন কৰে ।

লগতে পঢ়ক:মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত 6 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.