চিটাৰা ডেস্ক,1 আগষ্টঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে.কে সিঙে পাটনাত এখন এজাহাৰ দাখিল কৰাৰ পিছতে ঘটনাই ল'লে নতুন মোৰ ৷
শান্ত সিং ৰাজপুতৰ পিতৃ কে.কে সিঙে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ আত্মীয় স্বজনৰ বিৰুদ্ধে বিহাৰৰ পাটনাত এখন এজাহাৰ দাখিল কৰে ৷ সেই সন্দৰ্ভত বিহাৰৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হৈছিল বিহাৰৰ আৰক্ষী দল ৷
বিহাৰৰ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে বিভিন্নজনক সোধ-পোচ আৰম্ভ কৰিছে ৷ জানিব পৰা মতে,আগন্তুক দিনত সুশান্তৰ অন্তিম খন ছবি দিল বেচাৰাৰ শিল্পীসকলক সোধ-পোচ কৰিব বিহাৰ আৰক্ষীয়ে ৷ শিল্পীসকলৰ উপৰিও ছবিখনৰ সকলো ক্ৰিউ সদস্যক সোধ-পোচ কৰিব বিহাৰৰ আৰক্ষীয়ে ৷
লগতে পঢ়কঃ মুক্তি পালে গুঞ্জন চাক্সেনাৰ ট্ৰেইলাৰ