চিটাৰা ডেস্ক,4জুলাইঃ ছবি নিৰ্মাতা মুকেশ ছাৱৰাই শেহতীয়াকৈ ব্যক্ত কৰিছে যে, প্ৰসিদ্ধ অভিনেতা সুশান্ত সিঙে দিল বেচাৰা ছবিখনৰ বাবে স্ক্ৰিপ্ট পঢ়াৰ আগেয়ে ছবিখন কৰিম বুলি সিদ্ধান্ত লৈছিল ৷
মুকেশ ছাৱৰাই পুৰণা কথা সুঁৱৰি কয় যে," সুশান্তই এইটো বুজি পাইছিল যে মোৰ কেতিয়াবা হ'লেও নিজেই ছবি বনোৱাৰ ইচ্ছা আছিল আৰু তেওঁ মোক কথা দিছিল যে, যেতিয়াই মই ছবি বনোৱাৰ সিদ্ধান্ত লও, তেওঁ নিশ্চয়কৈ মোৰ ছবিত কাম কৰিব ৷"
লগতে কয় যে, " যেতিয়া মই দিল বেচাৰা ছবিৰ বাবে তেওঁৰ লগত যোগাযোগ কৰিছিলো, তেতিয়া তেওঁ স্ক্ৰিপ্ট নপঢ়াকৈয়ে কামটোৰ বাবে অনুমতি দিছিল ৷ আমাৰ দুয়োৰে মাজত সদায়েই এক শক্তিশালী আৱেগ জড়িত হৈ আছিল ৷ "
জনাই থওঁ যে, 24 জুলাইত সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি দিল বেচাৰা মুক্তি লাভ কৰিব ডিজিটেল প্লেটফৰ্মত ৷