চিটাৰা ডেস্ক,2 আগষ্টঃ লক্ ডাউনৰ সময়খিনিত প্ৰৱাসী শ্ৰমিকৰ বাবে ভগৱানৰ দূত স্বৰূপ হৈ পৰিছিল অভিনেতা চনু চডে ৷ কাৰণ দেশৰ জটিল সময়খিনিত প্ৰৱাসী শ্ৰমিকসকলক নিজা খৰচেৰে নিজ ৰাজ্যলৈ ঘূৰি যোৱাত সহায় কৰিছিল অভিনেতাগৰাকীয়ে ৷
শেহতীয়াকৈ অহা খবৰ মতে, পিতৃ-মাতৃক হেৰুওৱা অনাথ শিশুৰ বাবে আগবাঢ়ি আহিল অভিনেতা চনু চুড ৷ অভিনেতা গৰাকীয়ে তেলেংগানাৰ য়দাদ্ৰী ভূৱনগিৰী নামৰ এখন জিলাৰ তিনি গৰাকী অনাথ শিশুৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে ৷
জানিব পৰা মতে, তিনিওটি শিশুৰ প্ৰথমে পিতৃৰ বিয়োগ ঘটে আৰু শেহতীয়াকৈ মাতৃৰ মৃত্যু ঘটাত অভিনেতা গৰাকীয়ে অনাথ শিশুকেইটা তুলি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
বিগত কিছু দিন পূৰ্বে এটা দৰিদ্ৰ কৃষিজীৱি পৰিয়ালক এখন ট্ৰেক্টৰ দি সহায় কৰিছিল অভিনেতা গৰাকীয়ে ৷
উল্লেখ্য যে, ইয়াৰ কিছুদিন পূৰ্বে তেওঁৰ জন্মদিনৰ দিনা তেওঁ তিনি লাখ প্ৰৱাসী শ্ৰমিকক কাম দিয়াৰ কথাও ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰিছিল অভিনেতা চনু চুডে ৷