চিটাৰা ডেস্ক,21জুনঃ নেহা কক্কৰ, জেচলিন ৰয়েল, নিশিতা গান্ধী আৰু শাশ্বত সিং সহ বহু সংগীত তাৰকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷ য'ত তেওঁলোকে কোনো মানুহে পশুৰ সৈতে কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত গুৰুতৰ শাস্তি দাবী কৰিছে ৷
People for the Ethical Treatment of Animals Indiaৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে the prevention of cruelty to animals act,1960ক অধিক সষ্টম কৰাৰ অৰ্থে এই স্মাৰক পত্ৰখনত স্বাক্ষৰ কৰিছে সংগীত তাৰকা কেইগৰাকীয়ে ৷
কিছুদিন পূৰ্বে কেৰালাত গৰ্ভৱতী হাতী এজনীক ফটকাযুক্ত আনাৰস খুৱাই মৃত্যুমুখলৈ ঠেলি দিয়াৰ খবৰে আৱেগিক কৰি তুলিছিল বহুজনকে ৷ অনুষ্কা শৰ্মা, দিয়া মিৰ্জা আৰু শ্ৰদ্ধা কাপুৰ সহিত বহু তাৰকাই এই ঘটনাক গৰিহনা প্ৰদান কৰিছিল ৷
লগতে পঢ়কঃঅক্ষয় কুমাৰে পঞ্জাৱ আৰক্ষীক দিলে 500 টা বিশেষ ঘড়ী