ETV Bharat / sitara

একেখন স্ক্ৰীণতে দেখা পোৱা যাব বিগ বি, দীপিকা আৰু প্ৰভাসক

author img

By

Published : Jul 24, 2021, 9:49 PM IST

শনিবাৰে দৃশ্যগ্ৰহণ আৰম্ভ হ'ল নাগ অশ্বিনৰ আগন্তুক ছবিৰ । এই ছবিখনত অভিনয় কৰিছে অভিতাভ বচ্চন, প্ৰভাস আৰু দীপিকা পাডুকণে । সম্প্ৰতি কাম আৰম্ভ কৰাৰ বাবে প্ৰজেক্টটোৰ নাম ৰখা হৈছে "কে"।

Nag Aswin's next film went on floors on Saturday
শনিবাৰে দৃশ্যগ্ৰহণ আৰম্ভ হ'ল নাগ অশ্বিনৰ আগন্তুক ছবিৰ

চিটাৰা ডেস্ক, ২৪ জুলাই: "পিকু" ছবিৰ সফলতাৰ পাছত এইবাৰ পুনৰ একেখন স্ক্ৰীণতে দেখা পোৱা যাব অমিতাভ বচ্চন আৰু দীপিকা পাডুকনক । ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক নাগ অশ্বিনৰ আগন্তুক ছবিত বিগ বি, দীপিকাৰ লগতে অভিনয় কৰিব তেলেগু ছুপাৰষ্টাৰ প্ৰভাসে । শনিবাৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিৰ্মাতাই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে । বহুভাষিক ছবিখন মহানতি, অগ্নি পৰ্ভাতম আৰু ইন্দ্ৰ আদি ছবিৰ বাবে জনাজাত দক্ষিণ ভাৰতীয় প্ৰডাকছন হাউচ বৈজয়ন্তী মুভিজে নিৰ্মাণ কৰিছে ।

বৈজয়ন্তী মুভিজে টুইটযোগে দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰি এখন ফটো শ্বেয়াৰ কৰে আৰু পোষ্টটোত লিখিছে যে, "আৰম্ভ হ'ল । গুৰু পূৰ্ণিমাৰ দিনা ভাৰতীয় ছবিৰ গুৰুৰ সৈতে কাম আৰম্ভ কৰিছো " । প্ৰথমবাৰৰ বাবে প্ৰভাসে অমিতাভ বচ্চন আৰু দীপিকাৰ সৈতে কাম কৰিছে । বলীউডৰ দুয়োগৰাকী তাৰকাই পূৰ্বে আৰক্ষণ আৰু পিকু ছবিত একেলগে কাম কৰিছিল ।

জানিব পৰা মতে, সম্প্ৰতি কাম আৰম্ভ কৰাৰ বাবে প্ৰজেক্টটোৰ নাম ৰখা হৈছে "কে"। আগন্তুক ছবিখন ২০৫০ চনত নিৰ্মাণ হ'ব পৰা ভৱিষ্যতৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে । নাগ অশ্বিনে বায়'ল'জিকেল ৱাৰফেয়াৰ আৰু মানৱ নিৰ্মিত ভাইৰাছৰ মাজৰ এক যুঁজ ছবিখনত দেখুৱাবলৈ চেষ্টা কৰিছে, যি সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে প্ৰতিফলিত কৰিব ।

বহুভাষিক ছবিখনত প্ৰভাসক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ইয়াৰ পূৰ্বে বলীউড অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ সৈতে "চাহু" ছবিখনত প্ৰভাসে অভিনয় কৰিছিল । চাহু ছবিখনে আশা কৰা ধৰণে দৰ্শকৰ সঁহাৰি লাভ কৰা নাছিল যদিও প্ৰভাসৰ বাবে বলীউডত প্ৰৱেশৰ বাট মুকলি কৰিছিল । তেলেগু ছুপাৰষ্টাৰজনে বলীউড ছবিৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চন আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণৰ সৈতে অভিনয় কৰিবলৈ পাই আনন্দিত হৈ পৰিছে । ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালকগৰাকীৰ ছবিখনত এক ব্যতিক্ৰমী ৰূপত অভিনয় কৰি তিনিওগৰাকী তাৰকাই দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰিছে ।

লগতে পঢ়ক:'হাংগামা ২' প্ৰচাৰ কৰিবলৈ গৈ ট্ৰলৰ সন্মুখীন শিল্পা চেট্টী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.