ETV Bharat / sitara

গংগুবাই কাথিয়াৱাড়ীলৈ চুপ্ৰিম ক’ৰ্টৰ গ্ৰীণ চিগনেল

author img

By

Published : Feb 24, 2022, 6:52 PM IST

ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীৰ বিচাৰপীঠে 'গংগুবাই কাথিয়াৱাড়ী' বোলছবিখনৰ মুক্তিৰ বাবে সেউজ সংকেত দিছে (SC dismisses plea) । ছবিখনে ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব ।

Gangubai Kathiawadi
গংগুবাই কাথিয়াৱাড়ীলৈ চুপ্ৰিম ক’ৰ্টৰ গ্ৰীণ চিগনেল

চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী: আলিয়া ভাটৰ অনুৰাগী সকললৈ এটি সুখবৰ । উচ্চতম ন্যায়ালয়ে 24 ফেব্ৰুৱাৰীত আলিয়া ভাটৰ 'গংগুবাই কাথিয়াৱাড়ী'ৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা বিচাৰি কৰা আবেদন খাৰিজ কৰিছে (Injunction on release of Gangubai Kathiawadi) । ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীৰ বিচাৰপীঠে 'গংগুবাই কাথিয়াৱাড়ী' বোলছবিখনৰ মুক্তিৰ বাবে দিলে সেউজ সংকেত । ছবিখন ২৫ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব (Gangubai Kathiawadi release date) ।

বাবুজী ৰাও শ্বাহ নামৰ এজন ব্যক্তিয়ে নিজকে গংগুবাইৰ পুত্ৰ বুলি অভিহিত কৰি আদালতত আবেদন দাখিল কৰিছিল যে ছবিখনত তেওঁৰ মাতৃ গংগুবাইৰ প্ৰকৃত ছবিখন নষ্ট কৰা হৈছে ৷ শ্বাহে তেওঁৰ আবেদনত নিৰ্মাতাসকলৰ ওপৰতো অভিযোগ উত্থাপন কৰিছিল । শ্বাহে অভিযোগ আনিছিল যে গংগুবাইক পতিতা, পতিতালয়ৰ তত্ত্বাৱধায়িকা আৰু মাফিয়া ৰাণী হিচাপে বৰ্ণনা কৰা হৈছে যিটো সম্পূৰ্ণৰূপে ভুল ।

  • Supreme Court dismisses plea challenging Bombay HC order which rejected petition seeking injunction against Bollywood movie Gangubai Kathiawadi. Petition was filed by a man, who claimed to be adopted son of Gangubai Kathiawadi

    — ANI (@ANI) February 24, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চলচ্চিত্ৰখনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ অধিবক্তা আৰ্যমা সুন্দৰমে আদালতত যুক্তি দিয়ে যে ছবিখন এতিয়ালৈকে মুক্তি দিয়া হোৱা নাই আৰু আবেদনকাৰীয়ে ছবিখনৰ দৃশ্যাংশ দেখা নাই । অধিবক্তা গৰাকীয়ে তেওঁৰ আবেদনত লগতে উল্লেখ কৰে যে ছবিখনত গংগুবাইৰ প্ৰকৃত ছবিখনৰ সৈতে কোনো ধৰণৰ খেলিমেলি কৰা হোৱা নাই ।

আদালতে শ্বাহৰ আৱেদন নাকচ কৰে, কিয়নো তেওঁ নিজকে গংগুবাইৰ পুত্ৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে । ইয়াৰ পূৰ্বে,গংগুবাইৰ জীয়ৰী ববিতা আৰু নাতি বিকাশ গৌৰে ছবিখনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ বিৰুদ্ধে গংগুবাইৰ ভাবমূৰ্তিক ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল । গংগুবাইৰ নাতিয়ে কৈছিল যে সঞ্জয় লীলা ভাঞ্চালীয়ে নিজৰ মাতৃক সন্মান কৰে, কিন্তু আনৰ মাতৃক নকৰে ৷

সমান্তৰালকৈ গংগুবাইৰ জীয়ৰী ববিতাই কৈছিল যে কামাথিপুৰাত গংগুবাইতকৈ বেছি সকলোৱে গংগু মাকহে চিনি পায় । এওঁলোকৰ লগতে কামাথিপুৰাৰ লোকসকলেও ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ দাবী জনাইছিল । কামাথিপুৰাৰ ৰাইজে কয় যে ছবিখনত কামথিপুৰাক ৰেড লাইট এৰিয়া হিচাপে উপস্থাপন কৰা হৈছে ।

লগতে পঢ়ক: Alia Bhatt as Prostitute: পতিতাৰ অভিনয়েৰে প্ৰশংসিত হৈছে আলিয়া ভাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.