ETV Bharat / sitara

IFFM ২০২১ত প্ৰদৰ্শিত হ'ব "Bullet Proof Anand"

author img

By

Published : Jul 26, 2021, 2:25 PM IST

চলিত বৰ্ষৰ ১২ আগষ্টৰ পৰা ২৫ আগষ্টলৈ অনুষ্ঠিত হ'ব ১২ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ(Indian Film Festival Of Melbourne) । এই চলচিত্ৰ মহোৎসৱতে প্ৰদৰ্শিত হ'ব অভিনেতা সঞ্জয় মিশ্ৰ, জাভেদ জাফেৰী, অংশুমান ঝা অভিনীত চুটি ছবি "বুলেট প্ৰুফ আনন্দ"(Bullet Proof Anand) ।

Bullet Proof Anand will be screened at IFFM 2021
IFFM ২০২১ত প্ৰদৰ্শিত হ'ব সঞ্জয় মিশ্ৰ, অংশুমান ঝা অভিনীত বুলেট প্ৰুফ আনন্দ

চিটাৰা ডেস্ক, ২৬ জুলাই : ১২ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ (Indian Film Festival Of Melbourne) প্ৰদৰ্শিত হ'ব "বুলেট প্ৰুফ আনন্দ"(Bullet Proof Anand) । চুটি ছবিখনত অভিনয় কৰিছে অভিনেতা সঞ্জয় মিশ্ৰ, জাভেদ জাফ্ৰী, অংশুমান ঝাই । ১২ আগষ্টৰ পৰা ২৫ আগষ্টলৈ অনুষ্ঠিত হ'ব এই চলচিত্ৰ মহোৎসৱ । অৱশ্যে, কেতবোৰ অনুষ্ঠানৰ অনলাইন ষ্ট্ৰীমিং ১৫-৩১ আগষ্টলৈ অনুষ্ঠিত হ'ব ।

এই সন্দৰ্ভত সঞ্জয় মিশ্ৰই কয় যে, যোৱা দশকত ভাৰতীয় ছবি উদ্যোগে নিৰ্মাণ কৰি অহা কিছু সংখ্যক ছবি পূৰ্বৰ তুলনাত বহু বেছি বৈচিত্ৰ্যপূৰ্ণ আৰু পৃথক । 'বুলেট প্ৰুফ আনন্দ' তেনে ধৰণৰে ছবি বুলি তেওঁ মন্তব্য কৰে । বুলেট প্ৰুফ আনন্দ হৈছে ব্ৰুছ লী আৰু ৰাজেশ খান্নাৰ 'আনন্দ'ৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি ।

সঞ্জয় আৰু অংশুমানে উত্তৰ ভাৰতীয় গুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত জাভেদক বুলেটপ্ৰুফ আনন্দ নামৰ গেংষ্টাৰৰ ৰূপত দেখা পোৱা যাব ।

অংশুমানে কয় যে, "বুলেট প্ৰুফ আনন্দ' তেওঁৰ বাবে অতি বিশেষ । চলিত বৰ্ষত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণত ছবিখনৰ প্ৰিমিয়াৰ প্ৰদৰ্শন হোৱাটো অতি সন্মান আৰু আনন্দৰ বিষয় বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, "অংৰেজি মে কেহতে হ্যে"ৰ পিছত এই ছবিখন সঞ্জয় মিশ্ৰৰ সৈতে তেওঁৰ দ্বিতীয়খন ছবি । এই চুটি ছবিখন আলোক শৰ্মাই পৰিচালনা কৰিছে ।

শৰ্মাই কয় যে, তেওঁ এই মহোৎসৱ অংশ হ'বলৈ পাই অতি উৎসাহিত । বিশেষকৈ তাত প্ৰদৰ্শিত হোৱা উন্নত মানৰ ছবি আৰু আলোচনাৰ বাবে তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলিও মন্তব্য কৰে । তেওঁ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণক (Indian Film Festival Of Melbourne) ছবিপ্ৰেমীসকলৰ বাবে স্বৰ্গ বুলি অভিহিত কৰে ।

লগতে পঢ়ক:উন্মোচনৰ পূৰ্বেই জব্দ কৰা হ’ল ফুলনদেৱীৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.