ETV Bharat / sitara

হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা সঞ্জয় দত্ত

author img

By

Published : Aug 12, 2020, 8:11 AM IST

বলিউডৰ অভিনেতা সঞ্জয় দত্ত হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত ৷ তথ্য অনুসৰি,চতুৰ্থ পৰ্যায়ত ধৰা পৰাৰ পাচতে তেওঁক উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ যোৱা হ’ব ৷

Sanjay Dutt to fly to the US for immediate treatment
উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা হ’ব সঞ্জয় দত্ত

চিটাৰা ডেস্ক, 12 আগষ্ট: মঙলবাৰে বলিউডৰ মুন্নাভাই সঞ্জয় দত্তৰ দেহত চতুৰ্থ পৰ্যায়ত হাঁওফাঁওৰ কৰ্কট ৰোগ ধৰা পৰাৰ পাচতে তেওঁক উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা ৷

প্ৰতিবেদনত উল্লেখিত অনুসৰি,অভিনেতা গৰাকীয়ে মুম্বাইৰ লীলাৱতী হাস্পতালত কৰা স্বাস্থ্য পৰীক্ষাৰ পাচতে তেওঁৰ দেহত এই ৰোগৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷ মঙলবাৰে এক টুইটযোগে অভিনেতা গৰাকীয়ে কয় যে,তেওঁ চিকিৎসাৰ বাবে কামৰ পৰা সাময়িক বিৰতি ল’ব ৷ লগতে তেওঁ অচিৰেই উভতি অহাৰ আশ্বাস দিয়ে ৷

উল্লেখ্য যে,শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পোৱাৰ পাচত শনিবাৰে তেওঁ মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি হৈছিল আৰু পৰীক্ষাৰ অন্তত কৰ্কট ৰোগৰ কথা পোহৰলৈ আহে বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক: সুশান্ত সিং ৰাজুপুতৰ মৃত্যু ৰহস্যঃ CBIৰ নজৰত 5 প্ৰধান প্ৰত্যক্ষদৰ্শী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.