ETV Bharat / sitara

হাস্পতালৰ পৰা অব্যাহতি দিলে শ্বায়েৰা বানুক

author img

By

Published : Sep 6, 2021, 12:33 PM IST

দেওবাৰে বলীউডৰ জ্যেষ্ঠ অভিনেত্ৰী শ্বায়েৰা বানুক হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় ৷ যোৱা 28 আগষ্টত উচ্চ ৰক্তচাপজনিত সমস্যাত ভোগাৰ বাবে মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেত্ৰীগৰাকীক ৷

Saira Banu health update: Veteran actor discharged from hospital, returns home after 9 days
হাস্পতালৰ পৰা অব্যাহতি দিয়া হ’ল শ্বায়েৰা বানুক

চিটাৰা ডেস্ক, 6 ছেপ্তেম্বৰ : হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে জ্যেষ্ঠ অভিনেত্ৰী শ্বায়েৰা বানুক ৷ দেওবাৰে অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ বন্ধু ফেজল ফাৰুকীয়েল সদৰী কৰে এই কথা ৷ যোৱা 28 আগষ্টত উচ্চ ৰক্তচাপ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে মু্ম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেত্ৰীগৰাকীক ৷

দেওবাৰে টুইটযোগে ফেজল ফাৰুকীয়ে কয়, "#SairaBanu ji is back home. Discharged from the hospital. Doing well. Resting. Your love and prayers are truly appreciated 🙏," অৰ্থাৎ ‘শ্বায়েৰা বানু ঘৰলৈ উভতি আহিছে ৷ হাস্পতালৰ পৰা অব্যাহতি লাভ কৰিছে ৷ আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনা সঁচাকৈয়ে শলাগিবলগীয়া ৷’ যোৱা সপ্তাহত এগৰাকী চিকিৎসকে কৈছিল যে শ্বায়েৰা বানু হৃদৰোগত আক্ৰান্ত হৈছে ৷

  • #SairaBanu ji is back home. Discharged from the hospital. Doing well. Resting. Your love and prayers are truly appreciated. 🙏

    — faisal farooqui (@FAISALmouthshut) September 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, শ্বায়েৰা বানুৰ স্বামী বিশিষ্ট অভিনেতা দিলীপ কুমাৰে যোৱা 7 জুলাইত 98 বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰে ৷ Sagina, Gopi কে আদি কৰি কেইবাখনো ছবিত একেলগে কাম কৰা যুটিটো 1966 চনত বিবাহপাশত আৱদ্ধ হৈছিল ৷ শ্বায়েৰা বানুৱে 1961 চনত শমী কাপুৰৰ বিপৰীতে বলীউডত খোজ পেলাইছিল ৷

লগতে পঢ়ক : দুবছৰ সম্পূৰ্ণ সুশান্তৰ শেষ ছবি Chhichhor ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.