চিটাৰা ডেস্ক,8 নৱেম্বৰ : বলিউড অভিনেতা ছেইফ আলী খান, অৰ্জুন কাপুৰ আৰু য়ামী গৌতমে Chamba princely stateৰ ৰাজাবধু তথা ডেলহাউচী বিধানসভা সমষ্টিৰ বিধায়িকা আশা কুমাৰীৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰে ৷ ডেলহাউচীৰ জন্দ্ৰীঘাট পেলেচত চলি থকা ভৌতিক তথা কমেডী ছবি ‘Bhoot Police’ৰ শ্বুটিঙৰ সময়তে এই সাক্ষাৎ গ্ৰহণ কৰে অভিনেতা কেইগৰাকীয়ে ৷
বিধায়িকা আশা কুমাৰীয়ে সকলোকে স্বাগতম কৰাৰ লগতে সেই অঞ্চলৰ লোক সংস্কৃতি 'চাম্বা' সম্পৰ্কে মূল্যাংকণ কৰে ৷ যিহেতু অভিনেতা ছেইফ আভিজাত্য নৱাবৰ সন্তান, সেয়েহে তেওঁ চাম্বা সংস্কৃতিৰ বিষয়ে জানিবলৈ ইচ্ছুক হৈ পৰে ৷
তেওঁলোকৰ আলোচনা অনুসৰি, ব্ৰিটিছসকলে ডেলহাউচীত নিজৰ সাম্ৰাজ্য স্থাপন কৰিবলৈ চাম্বাৰ ৰজাৰ পৰা ভূমি ক্ৰয় কৰিছিল ৷ চাম্বাৰ ৰজাই ডেলহাউচী চহৰত নিৰ্মাণ কৰা পেলেচটোক জন্দ্ৰীঘাট পেলেচ হিচাপে জনা যায় ৷ এই পেলেচটো এতিয়া ৰাজকুমাৰী আশা কুমাৰীৰ নিৱাস ৷ এই পেলেচটোত ইতিমধ্যে বহুকেইখন ছবিৰ শ্বুটিং সম্পন্ন হৈছে ৷
লগতে পঢ়ক : এইবাৰ মাস্ক পিন্ধি স্পাইডাৰ-মেনৰ আগমণ