ETV Bharat / sitara

এইবাৰ পায়েল ঘোষৰ বিৰুদ্ধে মানহানি গোচৰ ৰিচা চাড্ডাৰ

author img

By

Published : Oct 10, 2020, 5:10 PM IST

অভিনেত্ৰী পায়েল ঘোষৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ত মানহানি গোচৰ ৰুজু অভিনেত্ৰী ৰিচা চাড্ডাৰ ৷ ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা পায়েল ঘোষে ৰিচাৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে 1.10 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰে ৰিচাই ৷

Richa Chadda filed a case against Payal Ghosh
পায়েল ঘোষৰ বিৰুদ্ধে মানহানি গোচৰ ৰিচা চাড্ডাৰ

চিটাৰা ডেস্ক,10 অক্টোবৰ: ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা পায়েল ঘোষৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে অভিনেত্ৰী ৰিচা চাড্ডা ৷ ৰিচাই পায়েলৰ বিৰুদ্ধে আৰক্ষী চকীত মানহানি গোচৰ ৰুজু কৰিছে ৷ অন্য বলিউড অভিনেত্ৰীসকলে কাশ্যপক সমৰ্থন কৰাৰ পাচতে অভিনেত্ৰী ৰিচাই কাশ্যপক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়ে ৷

অভিনেত্ৰী পায়েলে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাচত বলিউডৰ বহকেইগৰাকী অভিনেত্ৰীয়ে ছবি নিৰ্মাতাৰ পক্ষত থিয় হৈ #MeToo আন্দোলনৰ দুঃব্যৱহাৰ কৰিবলৈ বাধা দিয়ে ৷ তাপচী পন্নু,টিস্কা চোপ্ৰা,চুৰভীন চাৱলা,ৰাধিকা আপ্টেকে ধৰি বহু অভিনেত্ৰীয়ে কাশ্যপক সমৰ্থন কৰা পৰিলক্ষিত হৈছে ৷

অনুৰাগ কাশ্যপৰ গেংছ অৱ ৱাচেপুৰ আৰু মচান ছবিত অভিনয় কৰা ৰিচা চাড্ডাই কয় যে,এতিয়ালৈ তেওঁৰ বহুবাৰ কাশ্যপৰ সৈতে সাক্ষাৎ হৈছে ৷ লগতে ৰিচাই কয় যে,তেওঁ কাশ্যপৰ উকিল নহয় যদিও তেওঁৰ হাতত এটা ‘‘চাউণ্ড লিগেল টীম’’ আছে যিয়ে তেওঁক এই সমস্যাৰ পৰা মুক্ত কৰিব পাৰিব ৷

উল্লেখ্য যে,ঘটনা সন্দৰ্ভত পায়েলে ৰিচাৰ নাম সাঙুৰি লোৱাৰ অভিযোগ তুলি ৰিচাই বোম্বে উচ্চ ন্যায়ালয়ত পায়েল ঘোষৰ বিৰুদ্ধে 1.10 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰে ৷ অপমান,উৎপীড়ন,ভুৱা,হানি কৰাৰ অভিযোগ তুলি এই গোচৰ ৰুজু কৰে অভিনেত্ৰী ৰিচাই ৷ ইয়াৰোপৰি ৰিচাই যৌন নিৰ্যাতন সন্দৰ্ভত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাষ চাপিছে ৷

লগতে পঢ়ক: ৬ টাকৈ ভাষাত ১০১ টা ন-পুৰণি গীতৰ সংকলনেৰে বিতুল বৰুৱাৰ ব্যতিক্ৰমী প্ৰচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.